Junmoni Rabha Death case : জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অভিযোগনামা দাখিল
নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অভিযোগনামা দাখিল। CBIয়ে দাখিল কৰিলে তিনিওটা গোচৰৰ অভিযোগনামা(Junmoni Rabha Death case)।
গোচৰ তিনিটা আছিল নকল নোট ,জোনমণিৰ হত্য়াকাণ্ড আৰু আনটো আছিল জোনমণিৰ দুৰ্ঘটনাৰ গোচৰ । নগাঁও সদৰ থানা আৰু কলিয়াবৰ থানাত ৰুজু হৈ আছিল গোচৰকেইটা । আজি নগাঁও আদালত দাখিল কৰিলে অভিযোগনামা । অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBIৰ তদন্তৰ ।নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল তদন্তকাৰী সংস্থাটোৰ ।
উল্লেখ্য যে বিগত বৰ্ষৰ ১৬ মে’ৰ নিশা ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল মৰিকলং আৰক্ষী থানাৰ SI জোনমণি ৰাভাৰ । জোনমণিৰ মৃত্যুৰ পিছতে উত্থাপিত হৈছিল বহু অভিযোগ । পৰিয়ালৰ দাবী কৰিছিল জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই , হত্যা কৰা হৈছে জোনমণিক(CBI submits Report on Mysterious Death of Jonmani Rabha) ।
জোনমণি ৰাভাৰ এই ঘটনাৰ তদন্ত প্ৰথমে CIDক দিয়া হৈছিল । পৰৱৰ্তী সময়ত পৰিয়ালৰ দাবী আৰু জনসাধাৰণৰ আবেগক প্ৰাধান্য দি এই ঘটনাৰ তদন্ত CBI ক দিয়াৰ বাবে ডিজিপি জি পি সিঙে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক । আৰু সেইমৰ্মে মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্ত CBIক দিয়া হ’ব বুলি ঘোষণা কৰিছিল।
লগতে পঢ়ক : Tragic Collision Claims Two Lives in Guwahati : বি বৰুৱা ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত দুজন, আহত দুজন