Local, Vocal, Global

CBI raids Satya Pal Malik’s Delhi house in Kiru hydropower corruption case : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপালৰ বাসগৃহত CBI ৰ তালাচী

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰৰৰ প্ৰাক্তন ৰাজ্যপালৰ বাসগৃহত CBI ৰ তালাচী অভিযান । বৃহস্পতিবাৰে CBI য়ে অভিযান চলাই প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত(CBI raids former JK Governors residence over Kiru Project corruption case) ।

খবৰ অনুসৰি, বৃহস্পতিবাৰে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ দিল্লীস্থ বাসগৃহত তালাচী অভিযান চলাই CBI য়ে।

জানিব পৰা মতে, কিউৰো জলবিদ্যুৎ প্ৰকল্পত সংঘটিত কেলেংকাৰী সন্দৰ্ভত সত্যপাল মালিকৰ বাসগৃত এই অভিযান চলোৱা হয়। কিউৰো জলবিদ্যুৎ প্ৰকল্পত সংঘটিত কেলেংকাৰী সন্দৰ্ভত অন্য ৩০ স্থানতো চি বি আয়ে তালাচী চলাই থকাৰ কথা জানিব পৰা গৈছে(CBI raids J&K ex-governor Satya Pal Malik’s premises in hydel project case)।

বৃহস্পতিবাৰৰ পুৱাৰে পৰা সংস্থাটোৱে অভিযান আৰম্ভ কৰিছে। চি বি আইৰ প্ৰায় ১০০গৰাকী বিষয়াই বিভিন্ন প্ৰান্তৰ ৩০টাকৈ স্থানত অভিযান চলাই আছে।

উল্লেখযোগ্য যে, কিউৰো জলবিদ্যুৎ প্ৰকল্পত ২,২০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। অৱশ্যে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বাসগৃহত চি বি আয়ে চলোৱা তালাচী সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে(CBI raids Satya Pal Malik’s Delhi house in Kiru hydropower corruption case)।

লগতে পঢ়ক : Youth Dies in Stone Attack : চিলাপথাৰত শিলগুটিৰ আক্ৰমণত মৃত্যু যুৱকৰ