Local, Vocal, Global

গুৱাহাটীত CBIৰ অভিযান

নিউজ ডেস্ক, ১৩ জুন : সোমবাৰে ৰাতিপুৱা দিল্লীৰ পৰা অহা CBIৰ এটা বিশেষ দলে গুৱাহাটীৰ কেইবাটাও ঠাইত অভিযান চলাইছিল।

গুৱাহাটীৰ চিৰিয়াখানা পথ অঞ্চলত CBIয়ে চলোৱা অভিযানত এজন ব্যৱসায়ীক আটক কৰিছে।

অৰুণাচল প্ৰদেশত পথ নিৰ্মাণ কাৰ্যত কৰা অনিয়মৰ অভিযোগত তেওঁক আটক কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, আটকাধীন ব্যৱসায়ীজনক এখন বিশেষ আদালতৰ সন্মুখত উপস্থাপন কৰা হ’ব আৰু তাৰ পিছত আৰক্ষীৰ জিম্মাত লোৱা হ’ব।

Zoo Road ৰ উপৰিও, চহৰখনৰ কেইবাটাও ঠাইত CBIৰ অভিযান অব্যাহত থাকিব।