Local, Vocal, Global

Cattle thieves held by people in Jamugurihat : জামুগুৰিহাটৰ গটাইমাৰীত আটক গৰুচোৰ

নিউজ ডেস্ক,১৫জুন : জামুগুৰিহাটৰ গটাইমাৰীত আটক গৰুচোৰ । শনিবাৰে নৈশ পহৰাদাৰী ৰাইজে এটা গভাইত গৰুচোৰ কৰায়ত্ব কৰি আৰক্ষীক গটাই দিয়ে। কৰায়ত্ব কৰা গৰুচোৰটোৰ নাম মহম্মদ ইছলামুদ্দিন।

নগাঁও জিলাৰ আমনিৰ পৰা গাড়ীলৈ আহি শুকুৰবাৰে নিশা জামুগুৰিহাটৰ গটাইমাৰীত গৰুচোৰ কৰিবলৈ ধৰিছিল ধৃত ইছলামুদ্দিনসহ চাৰিজনীয়া চোৰৰ দলটোৱে। নিশা পহৰাৰ দায়িত্বত থকা গাঁওৰক্ষী বাহিনীৰ সদস্যৰ লগতে ৰাইজে চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও লগত অহা আন তিনিটা চোৰ পলাই সাৰিবলৈ সক্ষম হয়(Cattle thieves held by people in Jamugurihat)।

গৰুচোৰটোক ইতিমধ্যে জে’ল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে যোৱা চাৰি-পাঁচ মাহ ধৰি এচাম গৰুচোৰে নিতৌ কৃষক ৰাইজৰ পোহনীয়া গৰু , গাইসমূহ চুৰি কৰি নি সন্ত্ৰাস চলাই আহিছে ৷গৰুচোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ ৰাইজে গাঁওৰক্ষী বাহিনীৰ সহযোগত নৈশ পহৰাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক : Illegal liquor seized at Baihata : বাইহাটা চাৰিআলিত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা