Cattle thieves arrested in Chabua : গৰু চোৰৰ পৰিয়ালক ৩ দিনৰ ভিতৰত গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশ
নিউজ ডেস্ক,২৫আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চোৰৰ সংখ্যা । ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী। চোৰাং গৰু সৰবৰাহৰ সমান্তৰালকৈ ৰাজ্য বৃদ্ধি পাবলৈ ধৰিছে গৰু চোৰৰ সংখ্যা ।
বৃহত্তৰ চাবুৱা অঞ্চলৰ লগতে ৰহমৰীয়াত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চোৰৰ সংখ্যা। গৰু চোৰে যেন অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছে । গৰু চোৰৰ বৃদ্ধি পোৱাত চোৰক নাকী লগাবলৈ নোৱাৰত আৰক্ষীৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন হৈ আহিছে(Cattle thieves arrested in Chabua)।
তাৰ ফলশ্ৰুতিতে আৰক্ষীয়ে গৰু চোৰৰ চৰ্দাৰ নন্দ দাসক গ্ৰেপ্তাৰ কৰে।ইয়াৰ পিছতে এতিয়া অঞ্চলটোৰ ৰাইজে নন্দ দাসৰ পৰিয়ালক গাওঁ ত্যাগ কৰিবলৈ দাবী জনাইছে। ৰাইজে ইয়াৰ বাবে পৰিয়ালটোক বান্ধি দিছে ৩ দিনৰ সময়সীমা।
উল্লেখ্য যে, চাবুৱা অঞ্চলৰ প্ৰায় প্ৰতিখন গাঁৱতে গৰু চোৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰক্ষীক বাৰে বাৰে অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে সকলো দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ আছে।
এনে অভিযোগৰ মাজতে নিশা হাতত পিষ্টল লৈ গৰু চোৰ কৰিবলৈ যোৱা নন্দ দাসক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টাৰ বাবে ক্ষোভিত হৈ পৰিছিল স্থানীয় ৰাইজ(Cattle thieves arrested in Chabua)।
লগতে পঢ়ক : Telegram CEO Pavel Durov arrested at French airport : মেচেজিং এপ টেলিগ্ৰামৰ CEO পাভেল ডুৰভক গ্ৰেপ্তাৰ