WATCH | Cattle thieves: বৰক্ষেত্ৰীত গৰু চোৰৰ উপদ্ৰৱ
নলবাৰী,১মাৰ্চ : বৰক্ষেত্ৰীত বিভিন্ন প্ৰান্তত এতিয়া নিশা হ’লেই গৰু চোৰৰ উপদ্ৰৱ। পূৰ্বতে চোৰৰ দলৰ আক্ৰমণৰ বলি হৈছিল বৃদ্ধ মহিলাও।
আৰক্ষী আৰু গাঁওৰক্ষী বাহিনী নিষ্ক্ৰিয়তাৰ সুযোগ লৈ বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা।
বৰক্ষেত্ৰীৰ দৰঙ্গীপাৰাত গাঁওৰ জ্যোতিষ দাস আৰু ৰুণুমী দাসৰ গৃহত তিনিবাৰকৈ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে(Cattle thieves)।
চোৰৰ ভয়ত গৰুটোৰ গলধনত লগাই থৈছিল লোৰ শিকলি। আজি পুৱতি নিশা প্ৰায় ৩.৩০ পৰা ৪ বজাৰ ভিতৰত সংঘটিত হয় ঘটনাটো।তিনিডালকৈ শিকলি কাটি এটা ৰঙা ৰঙৰ এটা ডেছি গৰু চোৰ কৰে চোৰৰ দলটোৱে।
এমহীয়া সৰু পোৱালীটোক লৈ সমস্যাত পৰিছে পৰিয়ালটো। বৰক্ষেত্ৰী অঞ্চলত আৰক্ষীৰ টহল বৃদ্ধিৰ লগতে গাঁওৰক্ষী বাহিনীসমূহৰ সক্ৰিয়তা বৃদ্ধিৰ দাবী।
লগতে পঢ়ক :WATCH | Jamugurihat News: শোণিতপুৰৰ চাৰিদুৱাৰত “উদলেণ্ড উৎসৱ” ৰ আয়োজন