WATCH | Cattle Syndicate in Assam : মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতাৰ অসমত কোনে চলাইছে গৰুৰ ছিণ্ডিকেট?

জামুগুৰিহাট,১১মাৰ্চ : উজনিৰ পৰা বাংলাদেশলৈ কোনে চলাইছে গৰুৰ ছিণ্ডিকেট তাৰ তদন্তৰ দাবী কৰিছে উত্তৰ পূৰ্ব্বাঞ্চল সংখ্যালঘু ছাত্ৰসন্থাই । উজনি অসমৰ পৰা কলিয়াবৰ-নগাঁও-মৰিগাঁও হৈ কোনে চলাইছে নিতৌ
বহিৰ্ভূত ভাৱে এই গৰুৰ ছিণ্ডিকেট(Cattle Syndicate in Assam)।
প্ৰতিদিনাই উজনিৰ পৰা শ শ গৰুভৰ্তি ট্ৰাক যায় খানাপাৰালৈ। মেঘালয়ৰ খানাপাৰাত প্ৰতি নিশাই জমা কৰে হাজাৰ হাজাৰ গৰু। পিছলৈ এই গৰু সমূহক বাংলাদেশলৈ পঠিয়াই দিয়া হয়। এই গৰুৰ অবৈধ ছিণ্ডিকেট চলোৱা সকলে নামানে কোনো চৰকাৰী নীতি নিয়ম। ডাঙৰ ডাঙৰ একোখনকৈ ট্ৰাকত ৩০-৪০টা গৰু ভৰ্তি কৰি সেই গৰুসমূহ নিয়া হয় গুৱাহাটীৰ খানাপাৰালৈ । যাৰ ফলত বহু গৰু আঘাটপ্ৰাপ্ত হৈ মৃত্যু হয় বুলি জানিব পৰা যায়।
কাৰ ছত্রছায়াত গৰু মাফিয়া সকলে নিতৌ কলিয়াবৰ- নগাঁও-মৰিগাঁও হৈ বাংলাদেশলৈ গৰু ৰপ্তানি কৰিছে। এইক্ষেত্ৰত এক উচিৎ তদন্ত কৰিবলৈ অসম চৰকাৰক নেমছু’ৰ তৰফৰ পৰা দাবী জনাইছে৷ যদি চৰকাৰ-প্ৰশাসনে এই গৰুৰ ছিণ্ডিকেট বন্ধ নকৰে তেন্তে নেমছুৱৱে তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিছে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: সদনত টুইন টাৱাৰ লৈ মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ বাক যুদ্ধ