Local, Vocal, Global

Cattle Smuggling in Lahowal : লাহোৱালত জব্দ ১২ টা চোৰাং গৰুসহ এখন পিক আপ ভান

নিউজ ডেস্ক,৮অক্টোবৰ : সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী(Cattle Smuggling in Lahowal)।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ সৰবৰাহ হৈ আছে চোৰাং গৰু ।মঙলবাৰে নিশা ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ চোৰাং গৰু । লাহোৱালৰ ৰমাই কৰ্দৈবামত মঙলবাৰে পুৱতি নিশা জব্দ কৰে চোৰাং গৰু । গাঁওৰক্ষী বাহিনীয়ে ১২ টা চোৰাং গৰুসহ এখন পিক আপ ভান জব্দ কৰি গতাই দিয়ে আৰক্ষীক ।

জানিব পৰা মতে,ৰমাই কৰ্দৈবামত বিভিন্ন প্ৰান্তৰ পৰা গৰু আনি লুকুৱাই ৰাখিছিল সৰবৰাকাৰী কেইটাই। AS22 C 6537 পিক‌ আপ ভানত ১২ টা গৰু উঠাওঁতেই গাঁওৰক্ষী বাহিনীয়ে প্ৰত্যক্ষ কৰি তিনিটা চোৰসহ এখন বাহন জব্দ কৰি ঘোঁৰামৰা আৰক্ষী চকীত খবৰ দিয়ে।ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে লগতে গৰুসহ বাহনখন আৰক্ষী চকীলৈ লৈ যায়।

লগতে পঢ়ক :Sarbananda Sonowal Interacts with Rickshaw, Thela Drivers in Dibrugarh : ডিব্ৰুগড়ত ৰিক্সাচালক আৰু ঠেলাচালক লগ কৰি মতবিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ