Cattle Smuggling in Bijni : বিজনীত জব্দ ১৪ টাকৈ অবৈধ গৰু
নিউজ ডেস্ক, ২০মাৰ্চ : ৰাজ্যত পুনৰ জব্দ চোৰাং গৰু ।এইবাৰ জব্দ ১৪ টাকৈ অবৈধ গৰু ।
ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle Smuggling in Bijni)৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু। কেতিয়াবা যদি নৈশ বাছত কেতিয়াবা আকৌ কন্টেইনাৰ বাহনৰ ভিতৰত গৰু সৰবৰাহ কৰি আহিছে অসাধু চক্ৰটোৱে(Cattle smuggling in Assam)। গঢ় লৈ উঠিছে গৰুৰ এক বৃহত ছিণ্ডিকেট।
আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি চলাই আছে গৰু সৰবৰাহ।গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে অসমত বলবৎ কৰা হৈছিল গো সুৰক্ষা আইন । সমান্তৰালভাৱে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাহ আৰু ব্যৱসায় ।
কিন্তু তাৰ মাজতে একাংশই চলাই আছে চোৰাং গো-সৰবৰাহ। এইবাৰ বিজনীত ঝাৰবিষপানীত SSBৰ অভিযান।অভিযানত জব্দ দুখন টাটা পিকআপ বাহনসহ ১৪টা অবৈধ গৰু।লগতে গৰু সৰবৰাহৰ লগত জড়িত কেইবাজনক আটক । আটকাধীন আটাইকেইজনক পাণবাৰী থানাত চমজাই দিয়ে SSBৰ দলটোৱে।