Local, Vocal, Global

Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ

তিনিচুকীয়া, ৯ জুন : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle Smuggling at Makum)৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against drugs)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান।আৰক্ষী-প্ৰসাশন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে।গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী।ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান।বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু।কেতিয়াবা যদি নৈশ বাছত কেতিয়াবা আকৌ কন্টেইনাৰ বাহনৰ ভিতৰত গৰু সৰবৰাহ কৰি আহিছে অসাধু চক্ৰটোৱে(Cattle smuggling in Assam)। গঢ় লৈ উঠিছে গৰুৰ এক বৃহত ছিণ্ডিকেট।আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত একত প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি চলাই আছে গৰু সৰবৰাহ।

বৃহস্পতিবাৰে পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে। জব্দকৃত ট্ৰাকখনত প্ৰায় ৩০ ৰ পৰা ৩৫ টাকৈ বলধ গৰু আছিল বুলি জানিব পৰা গৈছে(Truck loaded with cattle seized)।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪:৩০ বজাত স্থানীয় দল সংগঠনৰ সহযোগত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱাৰ তত্বাৱধানত যান বাহন মেজৰ ৰমেন শৰ্মাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ১৪ চকীয়া এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷গৰু ভৰ্তি ট্ৰাকখন প্ৰথমে আৰক্ষীয়ে ৰখাবলৈ ইংগিত দিয়ে যদিও ট্ৰাকখন পলায়ন কৰিবলৈ চেষ্টা কৰে লগে লগে আৰক্ষীৰ দলটোৱে খেদি গৈ জব্দ কৰে ট্ৰাকখন। ট্ৰাকখনত প্ৰায় ৩০ ৰ পৰা ৩৫ টাকৈ বলধ গৰু অবৈধভাৱে কঢ়িয়াই অনা হৈছিল ।

ট্ৰাকখনৰ চালকজনে জানিবলৈ দিয়া অনুসৰি এখন ক’লা ৰঙৰ স্কৰপিঅ’ বাহনে ট্ৰাকখনক পথ দেখুৱাই আগে আগে গৈ আছিল ৷ গৰুকেইটা ক’ৰপৰা আনিছিল সেয়া জানিব পৰা হোৱা নাই যদিও শ্বিলঙলৈ লৈ যোৱা হব বুলি সদৰী কৰে চালকজনে ৷ পৰৱৰ্তী সময়ত গৰুভৰ্তি ট্ৰাকখন মাকুম আৰক্ষী থানালৈ লৈ যোৱা হৈছে ৷
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Abhi Neel Murder : অভি-নীল হত্যাকাণ্ডৰ ৫ বছৰ সম্পূৰ্ণ