Local, Vocal, Global

WATCH | Cattle Smuggling : চাপৰৰ পুঠিমাৰীত নিশা উত্তপ্ত পৰিস্থিতি

চাপৰ,২১জুন : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। অভিযোগ অনুসৰি গো চিণ্ডিকেট বাহিনীয়ে নিতৌ চোৰাংকৈ বাংলাদেশ লৈ প্ৰেৰণ কৰে গো ধন। বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ জলপৃষ্ট বৃদ্ধি হোৱাৰ লগে লগে আৰম্ভ হয় নদী পথেৰে বাংলাদেশ লৈ গো সৰবৰাহৰ কাৰবাৰ।

নিশা হ’লেই চিণ্ডিকেট বাহিনীয়ে আৰম্ভ কৰে নদী পথেৰে গো সৰবৰাহ। অনুৰূপ ধৰণে ধুবুৰী জিলাৰ চাপৰৰ পুঠিমাৰীৰ চম্পাৱতী নৈৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈৰে যন্ত্ৰচালিত নাওঁৰে গো সৰবৰাহৰ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি যন্ত্ৰচালিত নাওঁসহ উদ্ধাৰ কৰে চোৰাং গো-ধন কেইটা(Cattle Smuggling)।

লগতে আটক কৰে হাবেছ আলী নামৰ এজন গো সৰবৰাহৰকাৰীক। কিন্তু এন্ধাৰৰ সুযোগ লৈ যন্ত্ৰচালিত নাওখনৰ পৰা হঠাৎ অন্তৰ্ধান হয় গো ব্যৱসায়ী হাবেছ আলী আৰু তেওঁৰ ভাতৃ ছবাহান আলী। দীৰ্ঘদিন ধৰি চাপৰৰ পুঠিমাৰী অঞ্চলৰ পৰা গো ধন চুৰি হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাত শ শ ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি।

পিছলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত গো ধন কেইটাৰ লগতে নাওখন জব্দ কৰি লৈ আহে আৰক্ষী থানা লৈ। এতিয়া প্ৰশ্ন হয় এই গো ব্যৱসায়ী হাবেছ আলীক ধুবুৰী আৰক্ষী তথা চাপৰ আৰক্ষীয়ে কেতিয়া কৰায়ত্ত কৰে সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়।

লগতে পঢ়ক : WATCH | International Yoga Day : অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ