Local, Vocal, Global

WATCH | Cattle Smuggling : সোণাৰি আৰক্ষীৰ জালত বৃহৎ গৰু চোৰ চক্ৰ

সোণাৰি,২জুন : সোণাৰি আৰক্ষীৰ জালত বৃহৎ গৰু চোৰ চক্ৰ। সোণাৰিৰ পৰা নগাঁওলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰোতেই ৪ সৰবৰাহকাৰীক আটক আৰক্ষীৰ।

১১ টা গৰুসহ AS01BC 2292 নম্বৰৰ বলেৰ পিক আপ বাহন জব্দ আৰক্ষীৰ। আনহাতে গৰু ব্যৱসায়ী চক্ৰৰ মাষ্টাৰ মাইণ্ড সোণাৰিৰ ৰতনপুৰৰ মহিবুল আলমক আটক । মহিবুল আলমৰ নেতৃত্বতে চৰাইদেউ জিলাৰ পৰা অবৈধ গৰু সৰবৰাহৰ অভিযোগ(Cattle Smuggling)।

অবৈধভাৱে গৰু সৰবৰাহ কৰিবলৈ মহিবুলে ব্যৱহাৰ কৰা AS 06AE 2098 বাহন জব্দ। বৰ্তমান কাকতিবাৰী আৰক্ষী থানাত জেৰা সোণাৰিৰ ৰতনপুৰৰ এজন যুৱক,নগাঁওৰ হাবিজুল ইছলাম, আব্দুৰ ৰহিম,আমিৰ হুছেইন আৰু বৰহাটৰ ৰহিম আলিক।

লগতে পঢ়ক :WATCH | Tragic incident : নদীত উটি অহা খৰি আনিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এজন কিশোৰ