Local, Vocal, Global

Cattle Smuggling : ধুবুৰীত জব্দ ৫টাকৈ চোৰাং গৰুসহ আটক দুই সৰবৰাহকাৰীক

নিউজ ডেস্ক,৬অক্টোবৰ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

ধুবুৰীত জব্দ ৫টাকৈ চোৰাং গৰু । আটক দুই সৰবৰাহকাৰীক ।

ধুবুৰী জিলাৰ গোলকগঞ্জৰ নালিয়া আৰক্ষী এক অভিযান চলাই আটক কৰে দুই সৰবৰাকাৰীক । আটকাধীন সৰবৰাহকাৰী দুজন গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলদেশ সীমান্তৰ বেৰভাঙী প্ৰথম খণ্ডৰ জানিফ হক আৰু আলম হক।

জানিব পৰা মতে, আটকাধীন সৰবৰাহকাৰী দুজনে দীৰ্ঘদিনৰ পৰাই বাংলদেশলৈ গৰু সৰবৰাহৰ সৈতে জড়িত হৈ আছে। দুয়োৰে বিৰুদ্ধে ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটিয়া তাৰ কাটি গৰু পাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ নালিয়া আৰক্ষী নিৰীক্ষন চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিভাস লাল সিনহাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শনিবাৰে নিশা বেৰভাঙী প্ৰথম খণ্ডত অভিযান চলাইছিল। অভিযানত ৫ টাকৈ চোৰাং গৰু সহ দুজন গৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :Assam Government Inaugurates Co-District Commissioner Offices : কেবিনেট সিদ্ধান্ত অনুসৰিয়ে মুকলি হ’ল ৩৯খন সম জিলা