Cattle Smuggling : বিলাসী বাহনত চোৰাং গৰু উদ্ধাৰ

নিউজ ডেস্ক,২৯মে’ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ঐতিহাসিক মায়ামৰা মদাৰখাত সত্ৰৰ সমীপত বিলাসী বাহনত চোৰাং গৰু উদ্ধাৰ । AS-06-F-6518 চেভেলটত উইভা বাহনৰ পৰা উদ্ধাৰ কৰা হয় দুটাকৈ চোৰাং গৰু ।
জানিব পৰা অনুসৰি সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে মঙলবাৰে নিশা তিনিচুকীয়াৰ পৰা বিশেষ কামত আহোতে গাড়ীৰ পোহৰ দেখি চোৰে গৰু এৰি পলায়ন কৰে । লগে লগে গাঁৱৰ ৰাইজক খবৰ দিয়াত গাঁৱৰ ৰাইজ উপস্থিত হৈ দুটাকৈ গৰু বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে ।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগ লগে লাহোৱাল আৰক্ষী আৰু ঘোঁৰামৰা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ গৰুসহ বিলাসী বাহন জব্দ কৰে । জানিব পৰা মতে গৰু চোৰে উক্ত স্থানৰ পৰাই নিশা আন্ধাৰ সু্যোগ লৈ দুটাকৈ গৰু চুৰ কৰি বাহনত ভৰাই লৈ যোৱাৰ ব্যৱস্থা কৰা সময়ত গাড়ীৰ পোহৰ দেখি চোৰে গৰু এৰি পলায়ন কৰে । ইতিমধ্যে আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।