Cattle Smuggling : ৰূপহীহাটৰ গেৰেকীত গৰু চুৰিক লৈ নিশা উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,৩০মাৰ্চ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী । ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত একত প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি চলাই আছে গৰু সৰবৰাহ।গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে অসমত বলবৎ কৰা হৈছিল গো সুৰক্ষা আইন । সমান্তৰালভাৱে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাহ আৰু ব্যৱসায় ।
কিন্তু আৰক্ষী যদি ডালে ডালে, চোৰাং সৰবৰাহকাৰীও যেন পাতে পাতে । কাৰণ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দিবলৈ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি আহিছে ।
ৰূপহীহাটৰ গেৰেকীত নিশা উত্তপ্ত পৰিস্থিতি। গৰু চুৰিক লৈ উত্তপ্ত ।
ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে গৰু চুৰি কৰিবলৈ অহা বাহন। গৰু চুৰি কৰিবলৈ আহি গৃহস্থক প্ৰহাৰ চোৰৰ দলৰ।
ৰুহুল আমিন নামৰ লোকজনক প্ৰহাৰ কৰি পলায়ন তিনিটা চোৰৰ। ৰাইজে খেদি খেদি জব্দ কৰে AS10-A-5902 নম্বৰৰ বাহনখন। বাহনসহ চোৰ মুকচিদুল ইছলামক আটক ৰাইজৰ।
লগতে পঢ়ক :Woman Missing For 16 Days : ১৬দিনে সন্ধানহীন নগাঁৱৰ দিপ্তী দেৱী