Cattle and buffaloes seized in cachar : কাছাৰত ১৮ টা বাৰ্মিজ গৰু আৰু ৪ টা ম’হ জব্দ বি এছ এফৰ
নিউজ ডেস্ক,১২ জুন : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু। কেতিয়াবা যদি নৈশ বাছত কেতিয়াবা আকৌ কন্টেইনাৰ বাহনৰ ভিতৰত গৰু সৰবৰাহ কৰি আহিছে অসাধু চক্ৰটোৱে(Cattle smuggling in Assam)। গঢ় লৈ উঠিছে গৰুৰ এক বৃহত ছিণ্ডিকেট।
আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত একত প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি চলাই আছে গৰু সৰবৰাহ।গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে অসমত বলবৎ কৰা হৈছিল গো সুৰক্ষা আইন । সমান্তৰালভাৱে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাহ আৰু ব্যৱসায় ।
কিন্তু আৰক্ষী যদি ডালে ডালে, চোৰাং সৰবৰাহকাৰীও যেন পাতে পাতে । কাৰণ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দিবলৈ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি আহিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে চোৰাং গৰু বিৰোধী অভিযান ।
মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ সময়ত কাছাৰত ১৮ টা বাৰ্মিজ গৰু আৰু ৪ টা ম’হ জব্দ বি এছ এফৰ। গোপন তথ্যৰ ভিত্তিত বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়ন আৰু কাটিগৰা আৰক্ষীয়ে কাটিগৰাৰ বদৰপুৰঘাটত অভিযান চলাই এখন বাৰ চকীয়া ট্ৰাকৰ পৰা জব্দ কৰে বাৰ্মিজ গৰু কেইটা(Cattle and buffaloes seized in cachar)।
উল্লেখ্য যে NL 02Q- 8128 নম্বৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হয় গৰু কেইটা। গৰু সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালক আব্দুল কায়ুমক গ্ৰেপ্তাৰ কৰা হয়।
জানিব পৰা মতে আব্দুল কায়ুমৰ ঘৰ কাটিগৰাৰ দুধপুৰত তৃতীয় খণ্ডত। সমাগত বকৰি ঈদৰ বাবে বাৰ্মিজ গৰু কেইটা মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
ইফালে, মঙলবাৰে কাটিগৰা- বাংলাদেশ সীমান্ত এলেকাত চলোৱা আন এক অভিযানত বিএছ এফে চাৰিটা চোৰাং ম’হ জব্দ কৰিছে। বিএছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে চলোৱা এই অভিযানত জব্দ কৰা ম’হ কেইটা বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে।