Cash 14 Lakhs Seized in Sonari : সোণাৰিত এটা ঘৰত ওলাইছে লাখ লাখ টকা

সোণাৰি, ১১জানুৱাৰী : ওলাইছে লাখ লাখ টকা । গণি শেষ কৰিব পৰা নাই টকা । টকা গণিবলৈ ব্যৱহাৰ কৰিছে মেচিন(Cash 14 Lakhs Seized in Sonari ) ।
সোণাৰিত উদ্ধাৰ হৈছে লাখ লাখ টকা ।সোণাৰি পৌৰসভাৰ ৯নং ৱাৰ্ডৰ এটা ঘৰত ওলাইছে টকাসমূহ । চৰাইদেউ জিলাৰ সোণাৰিত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে টকাখিনি ।
জানিব পৰা মতে, সোণাৰি ড্ৰাগছ মাফিয়া নাজিম শ্বেখৰ মানৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে টকা(Cash 14 Lakh Recovered From a House in Sonar) ।
উল্লেখ্য যে, বুধবাৰে গোলাঘাট আৰক্ষীয়ে তিনি কোটিৰো অধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ আটক কৰে নাজিম শ্বেখ নামৰ লোকজন তাৰ পিছতে ড্ৰাগছ মাফিয়া নাজিম শ্বেখৰ বাসগৃহত চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই আৰু অভিযানত উদ্ধাৰ কৰে নগদ ধনখিনি। সোণাৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ১৩ লাখ ৯৬ হাজাৰ টকাসহ দুটা মোবাইল ফোন, ১৮ খন সক্ৰিয় এ টি এম আৰু ধন গণনা কৰা মেচিন।