Care of newborns in winter: শীতকালত নৱজাত শিশুৰ যত্ন !

২৩ জানুৱাৰী ২০২৫, ৱেব ডেস্ক :নৱজাতক এটি পৰিয়াললৈ অহাৰ বতৰাই স্বাভাৱিকতে আনন্দৰ বতৰা কঢ়িয়াই আনে। সকলোৰে বাবে বহু আকাংক্ষিত এটা সুখৰ খবৰ। সুন্দৰ সপোনটো বাস্তৱত ৰূপায়ণ হোৱাৰ দিনা পৰা পিতৃ-মাতৃ আনন্দত হিয়া উপচি পৰে।
যদি আপুনি নতুন মাতৃ হয়,তেন্তে আপুনি আপোনাৰ নৱজাতক শিশুটিক বাহিৰৰ কঠোৰ ঠাণ্ডাৰ ঢৌৰ পৰা সুৰক্ষিত ৰাখিব বিচাৰিব। উষ্ণতা কমিবলৈ আৰম্ভ কৰাৰ লগে লগে ই মাতৃসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰে কাৰণ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এতিয়াও বিকশিত হৈ আছে l শিশুটি চৰ্দি আৰু বেমাৰৰ সন্মুখীন হ’ব বুলি আশংকা কৰে।
সেয়েহে শিশুৰ যত্নৰ কেইটামান টিপছ জানি লওক…
১/নৱজাতক কুহুমীয়া গৰম তেল মালিচ
শিশুটিক কুহুমীয়া তেলে মালিচ কৰিলে দিনটোত শিশুটিক আৰামদায়ক আৰু গৰম কৰি ৰখাত সহায়ক হ’ব পাৰে। তেল মালিচে তেজৰ সঞ্চালন বৃদ্ধি কৰি শিশুৰ উপযুক্ত বৃদ্ধি আৰু বিকাশত সহায় কৰিব পাৰে। শিশুক গৰম কৰি ৰখাৰ লগতে ই হজম শক্তিত সহায় কৰে, লগতে টোপনি ভাল হয় l তেল মালিচে হাড় আৰু পেশী শক্তিশালী কৰি, শিশুৰ ছালত প্ৰয়োজনীয় পুষ্টি আৰু আৰ্দ্ৰতা প্ৰদান কৰিব পাৰে।
২/স্তনপান
মাতৃৰ গাখীৰত আইৰণৰ প্ৰচুৰ উৎস আৰু ই শিশুৰ হাড় আৰু পেশী শক্তিশালী কৰাত সহায় কৰে। শিশুক যিকোনো সংক্ৰমণ আৰু বেমাৰৰ পৰা আঁতৰাই ৰাখিবলৈ মাতৃৰ স্পৰ্শ আৰু উষ্ণতাই আটাইতকৈ উত্তম কাম। মাতৃৰ গাখীৰৰ দ্বাৰা শিশুৱে সুস্থ হৈ থাকিবলৈ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান লাভ কৰাটো নিশ্চিত কৰে।
৩/ নৱজাতকক আৰামদায়ক কৰি ৰাখক
শীতকালত শিশুটিক সকলো সময়তে গৰম কৰি ৰখাটো অতি প্ৰয়োজনীয় কিন্তু সকলো সময়তে ডাঠ চুৱেটাৰত মেৰিয়াই ৰখাৰ পৰা বিৰত থাকিব কাৰণ ,ইয়াৰ ফলত শিশুৰ গতিবিধি বাধাপ্ৰাপ্ত হ’ব পাৰে আৰু খিংখিঙীয়া হ’ব পাৰে।
৪/ মাতৃয়ে নিজকে সুৰক্ষিত আৰু সুস্থ কৰি ৰাখক
আপোনাৰ শিশুটিৰ যত্ন ল’বলৈ আপোনাৰ স্বাস্থ্যও শিশুটিৰ স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ। এগৰাকী মাতৃ হিচাপে আপুনি সদায় কেঁচুৱাৰ সংস্পৰ্শত থকা প্ৰথম ব্যক্তি হ’ব, গতিকে নিজেই পৰিষ্কাৰ আৰু সুস্থ পৰিৱেশ বজাই ৰখাটো অতি প্ৰয়োজনীয়। নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট শক্তিশালী নহয় যাতে পৰিৱৰ্তিত বতৰ আৰু ইয়াৰ ৰোগসমূহ সহ্য কৰিব পৰা যায়।