Local, Vocal, Global

Cardamom Effect On Health : স্বাস্থ্যক বাবে ইলাচি কিমান উপকাৰী আপুনি বাৰু জানেনে ?

ইলাচি আমাৰ সকলোৰে এক পৰিচিত নাম । ইলাচি ভাৰতৰ প্ৰত্যেক পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ। ইলাচিৰ যদিও এটা মছলা ই আমাৰ ভোক আৰু পিয়াহৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে (Cardamom Effect On Health)।

ইলাচি পেট ফুলা আৰু অন্ত্ৰৰ গেছ কমোৱাত বিশেষভাৱে উপকাৰী । পেট আৰু হাওঁফাওঁত ঠাণ্ডাৰ ভাৰসাম্য ৰক্ষাৰ বাবে ই অতি উত্তম । উশাহ সতেজ কৰিবলৈ প্ৰায়ে গুটি চোবাব পাৰি । উৎকৃষ্ট এন্টিঅক্সিডেন্ট হোৱাৰ বাবে ই ৰক্তচাপ, হাঁপানী, প্ৰস্ৰাৱ জ্বলোৱা আদি বহুতো বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় । ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। লগতে, সোৱাদ আৰু হজম শক্তি উন্নত কৰে (Health benefits of cardamom) ।

ইলাচি খাদ্যৰ খোৱাদ বঢ়াৰ লগতে আমাক বহুটো ৰোগৰ পৰা নিৰাময় কৰে । ইলাচিয়ে সাধাৰণতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ৷ পায়স, হালোৱা লগতে বিভিন্ন ব্যঞ্জনত ইলাচি ব্যৱহাৰ কৰা হয় ৷ ইলাচি খাদ্যত যোগ কৰিলে সোৱাদ যথেষ্ট বৃদ্ধি পায় ৷ কিন্তু ই কেৱল সোৱাদ দিয়াই নহয় আপোনাৰ স্বাস্থ্যৰো বহু উপকাৰিতা সাধন কৰে ৷

ইলাচিত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদান থাকে ৷ যিয়ে আমাক সুস্বাস্থ্যবান কৰি ৰাখে ।

সুস্বাস্থ্যৰ বাবে আপুনি কেৱল ইলাচিয়ে নহয় ইলাচিৰ পানীও খাব পাৰে যিয়ে আমাৰ শৰীৰক বহু লাভ কৰে ৷ ইয়াৰ বাবে আপুনি ইলাচি পানীত উতলাই লওক আৰু উতলা পানীখিন খাওক । ই আমাক বহুগুনে সহায় কৰে ।ইলাচি কেৱল স্বাস্থ্যৰ বাবেই নহয়, মুখৰ বাবেও অতি উত্তম ৷

ইলাচিয়ে আমাৰ শৰীৰক কেনেধৰণৰ সমস্যাৰ পৰা আঁতৰাই ৰাখে জানো আহক….

আপুনি ইলাচিৰ পানী খাব পাৰে ৷ ইয়াৰ বাবে ৰাতি ৪টা ইলাচি পানীত তিয়াঁই দিব ৷ ৰাতিপুৱাই পানীখিনি গৰম কৰক ৷ ইয়াৰ পিছত এই পানী দিনটোত ২ বা ৩ বাৰ খাব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ ফলত ওজন কমাবলৈ সহায়ক হ’ব ৷

ইলাচি খালে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷ ইয়াক সেৱন কৰিলে গেছ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব ৷ ইয়াৰ ফলত আপোনাৰ হজম শক্তি সঠিক হৈ থাকে ৷ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ সৰু সৰু ইলাচি খাব পাৰে ৷

যদি আপুনি খাদ্যৰ তালিকাত ইলাচি অন্তৰ্ভুক্ত কৰে আপোনাৰ শৰীৰৰ বিষমুক্ত হয় ৷ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ হয় ৷ ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও ই দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায় কৰে ৷

মুখৰ দুৰ্গন্ধই বহু লোকক অশান্তি দিয়ে ৷ এই সমস্যাৰ পৰা আপুনি ইলাচিৰ পানী খালে সকাহ পাব পাৰে ৷ ইয়াৰ এন্টি বেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী আদি গুণ আছে ৷ ইলাচিৰ দ্বাৰাও কিছু পৰিমাণে দাঁতৰ বিষৰ পৰা সকাহ পাব পাৰে ৷ ইলাচিয়ে দাঁতৰ গুৰিৰ প্ৰদাহ আঁতৰোৱাতো সহায় কৰে ৷

কেতিয়াবা পেট বেয়া হোৱাৰ বাবে মুখত ফোহা ওলায় ৷ এনে অৱস্থাত ইলাচি পিহি তাৰ গুড়ি বনাই সেৱন কৰিব পাৰে ৷ এই পাউদাৰত মিশ্ৰি মিহলাই লওক ৷ এতিয়া আক্ৰান্ত ঠাইত লগাওক ৷ ইয়াৰ দ্বাৰা আপুনি সকাহ লাভ কৰিব ৷

ইলাচি ব্যৱহাৰৰ ফলত এই সমস্যাবোৰৰ ওপৰিও আপুনি বহু সমস্য়াৰ পৰা মুক্তি পাব। ইলাচি ব্যৱহাৰৰ ফলত এনোৰেক্সিয়া, বমি , গেছ , ডিঙিত বিষ, দুৰ্গন্ধ, প্ৰস্ৰাৱ কৰাৰ সময়ত পেটত জ্বলা-পোৰা হোৱা, পেটৰ প্ৰসাৰণ , বদহজম, হিকটি, অত্যধিক পিয়াহ আদি সমস্যাৰ পৰা মুক্তি পোৱা যায় ৷ ইলাচিৰ উষ্ণতা আৰু বিষমুক্ত প্ৰভাৱে শৰীৰত অহজম খাদ্যৰ পৰিমাণ কমাই স্বাস্থ্য বজাই ৰখাত সহায় কৰে (Effect of cardamom on health) ।

লগতে পঢ়ক :Vitamin Deficiency : শৰীৰত এই ভিটামিনৰ অভাৱ হ’বলৈ নিদিব, অন্যথা আপুনি সন্মুখীন হ’ব পাৰে বিভিন্ন সমস্যাৰ