Carcass of Elephant Calf Recovered : মৰিয়নিত বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যু; দ গাঁতত পৰি মৃত্যু বন্যহস্তীৰ
মৰিয়নি, ২৮ নৱেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ পোৱালীৰ মৃত্যু হৈছে।নিশা মৰিয়নিত বনৰীয়া হাতীৰ পোৱালীটো উদ্ধাৰ হৈছে (Carcass of Elephant Calf Recovered)।
বৰ্তমান ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমি সকলক। এইবাৰমৰিয়নিৰ দ গাঁতত এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে(Carcass of Elephant Calf Recovered in Mariani) ।
সোমবাৰে নিশা মৰিয়নিত সংঘটিত হয় এটা হৃদয়বিদাৰক ঘটনা।চাহ বাগিছাৰ দ গাঁতত পৰি কৰুণ মৃত্যুক সাৱটি লয় এটা ডেৰ মহীয়া বন্য হস্তীৰ পোৱালীয়ে। নিশা খাদ্যৰ সন্ধানত মৰিয়নিৰ গিৱন অভয়াৰন্যৰ পৰা ওলাই অহা বন্য হস্তীৰ জাকটো মৰিয়নি আৰু তিতাবৰৰ সীমাত অৱস্থিত ৰঙাজান জংঘল লাইনত প্ৰৱেশ কৰোতে এখন ব্যক্তিগত চাহ বাগিছাত থকা এটা দ গাঁতত হাতী পোৱালীটো সোমাই পৰে।
জানিব পৰা মতে, বাগিছাত দৰৱ মিহলিৰ বাবে খন্দা হৈছিল গাঁতটো । প্ৰায় ৫ ফুট গভীৰ আছিল গাঁতটো । নিশা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ পোৱালীটেৱে গাঁতটোত সোমাই পৰে আৰু গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়।
এই ঘটনাৰ পিছতে স্থানীয় লোকে বন বিভাগক ঘটনাৰ সম্পৰ্কে খবৰ দিয়ে যদিও বন্যহস্তীৰ জাকটো কাষতে অৱস্থান কৰি থকা ফলত বন বিভাগ পোৱালীটো গাঁতৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। হাতীৰ জাকটো আতৰি যোৱাৰ পাছত ইয়াৰ স্থানীয় কেইজন মান লোকৰ সহযোগত বন বিভাগে বন্যহস্তীৰ পোৱালীটো গাঁতৰ পৰা উদ্ধাৰৰ কৰে যদিও জীৱন্তে উদ্ধাৰ কৰাত বিফল হয়।
এই ঘটনাই মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা লগতে বন বিভাগৰ বিৰোধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে গিৱন অভয়াৰন্যত পোৱালীসহ ৭০-৮০ টা বন্য হস্তীৰ এটা জাক থকা লগতে অভয়াৰন্য খনৰ পৰা নিতৌ আবেলি খাদ্যৰ সন্ধানত ওলাই আহি সমীপৰ অঞ্চল সমুহত উপদ্ৰৱ চলাই আহিছে। মৰিয়নিত শেষতীয়াকৈ ভয়ংকৰ ৰূপ লৈছে হস্তী মানুহৰ সংঘাটে।
কিন্তু তাৰ পিছতে খবৰ নাই বন বিভাগৰ। কুম্ভ নিদ্ৰাত বন বিভাগ।এয়াই নেকি ৰাজ্যৰ বিয়াগোম বন বিভাগৰ ফোঁপোলা স্বৰূপ।
শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগ ।
লগতে পঢ়ক : Carcass of Elephant Calf Recovered : পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু