Carcass of Elephant Calf Recovered : পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু
বকো, ২১ নৱেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ পোৱালীৰ মৃত্যু হৈছে।বকোৰ হাহিমত নৈৰ কাষত বনৰীয়া হাতীৰ পোৱালীটো উদ্ধাৰ হৈছে (Carcass of Elephant Calf Recovered)।
বৰ্তমান ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমি সকলক। এইবাৰ বকোৰ হাহিমত নৈৰ কাষত এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । বকোৰ হাহিম বজাৰৰ সমীপৰ নৈৰ পাৰত হাতী পোৱালীটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে(Carcass of Elephant Calf Recovered in Boko) ।
আনহাতে দেওবাৰে নিশাৰ ভাগত হাতী পোৱালীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।ৰাইজৰ অভিযোগ নৈৰ বুকুত অবৈধ ভাৱে বালি খনন চলাৱাত দ খালত পৰি বনৰীয়া হাতী পোৱালিটোৰ মৃত্যু হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বকোৰ শহাহিমৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি ফুৰা এটা হাতীৰ দলৰ মাজৰ পৰা সোমবাৰে নিশা এটা দহদিনীয়া হাতী পোৱালিৰ মৃত্যু হয়।
যোৱা প্ৰায় এমাহ ধৰি এটা ৪০ জনীয়া হাতীৰ দল বকোৰ হাহিম অঞ্চলত আহি বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত নিশাৰ ভাগত আতংকৰ পৰিবেশ সৃষ্টি কৰি আহিছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।মৃত হাতী পোৱালীটোক স্থানীয় ৰাইজে মাংগলীক নাতি নিয়মৰ মাজেৰেই অন্ত্যেষ্টিক্রিয়া কৰে(Baby elephant’s carcass recovered) ।
উল্লেখ্য যে , প্ৰায় তিনিদিন মান আগতেই মৃত্যু মুখত পৰিছিল বনৰীয়া হাতীটো।কিন্তু তাৰ পিছতে খবৰ নাই বন বিভাগৰ। কুম্ভ নিদ্ৰাত বন বিভাগ।এয়াই নেকি ৰাজ্যৰ বিয়াগোম বন বিভাগৰ ফোঁপোলা স্বৰূপ।
শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগ ।