Local, Vocal, Global

Car Falls into Potholes in Tinsukia Injuring Two :ৰাস্তাত উন্মুক্ত বৃহৎ গাঁতত সোমাল বাহন; আহত দুগৰাকী আৰোহী

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : ৰাস্তাত উন্মুক্ত বৃহৎ গাঁতত সোমাল বাহন । কথমপি প্ৰাণ ৰক্ষা দুই আৰোহীৰ । গুৰুতৰভাৱে আহত আৰোহী দুগৰাকী। মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনাটো।

মঙলবাৰে নিশা তিনিচুকীয়াৰ ৰাজপথত অঘটন ৷ তিনিচুকীয়াৰ জি এন বি পথৰ পৰা শিৱবাৰী পথৰ প্ৰৱেশ পথত কালভাৰ্ট নিৰ্মাণৰ বাবে খান্দি ৰখা এটা বৃহৎ দ’ গাঁতত সোমাই পৰে এখন ব্যক্তিগত বাহন ৷ ফলত চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুগৰাকী আৰোহী(Car Falls into Potholes in Tinsukia Injuring Two) ৷

AS23 AD7655 নম্বৰৰ XUV 500 বাহনখন দ’ গাঁতত সোমাই পৰাত ততাতৈয়াকৈ স্থানীয় ৰাইজে বাহনখনৰ আৰোহীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলে উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ ৷ কিন্তু কাৰ্যবাহী বিষয়াগৰাকীয়ে মন্তব্য কৰা অনুসৰি No Entry ৰ জাননী তেওঁলোকে দিছিল ৷ ৰাজপথত এটা বৃহৎ গাঁত খান্দি নিশাৰ ভাগত No Entry জাননী আৰু এডাল সৰু প্লাষ্টিকৰ ফিটা লগায়েই দায়িত্ব সামৰিলে বুলি এতিয়া ৰাইজৰ মাজত চৰ্চা চলিছে(Car Falls into Potholes in Tinsukia Injuring Two) ৷

লগতে পঢ়ক : Drugs peddler arrested : ডিব্ৰুগড়ত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী