Local, Vocal, Global

Assam DGP urge to ULFA-I: দুই কেডাৰৰ মৃতদেহ বিচাৰি পুনৰ পৰেশ বৰুৱাক আহ্বান জি পি সিঙৰ

নিউজ ডেস্ক, ৪অক্টোবৰ : মঙলবাৰে ৰাজ্য কপাঁই গৈছিল এক ঘটনাই । কেডাৰৰ কেঁচা তেজেৰে ৰাঙলী হৈছিল আলফাৰ শিবিৰ(Assam DGP urge to ULFA-I)৷

খবৰ আহিছিল আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা মৃত্যুদণ্ডৰ (Capital punishment to top ULFA leader) । মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হৈছিল আলফা (স্বাঃ)ৰ দুই সদস্যক । মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল আলফাত যোগদান কৰা এগৰাকী জ্যেষ্ঠ নেতাক। পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ ভয়ংকৰ ঘটনাই এতিয়াই তোলপাৰ লগাইছে ৰাজ্য( Senior ULFA I leader Lachit Hazarika and cadre Bornali reportedly die after capital punishment in Myanmar) ।

বৰ্তমান লাচিত হাজৰিকা ওৰফে এ জেদ শিৰোনাম অসম আৰু নয়নমণি চেতিয়াৰ ওৰফে বৰ্ণালী অসমৰ বাসগৃহত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ । শোকত ভাগি পৰিছে দুয়োৰে পৰিয়ালবৰ্গ । আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ধিক্কাৰ আৰু গৰিহণা জনাই দিছে দুই পৰিয়ালৰ লোকে । দুই পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ঘূৰাই বিচাৰিছে মৃতদেহ ।

ইফালে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও সামাজিক মাধ্যমযোগে দুয়োৰে মৃতদেহ ঘূৰাই দিয়াৰ আহ্বান জনাইছে পৰেশ বৰুৱাক ।

বুধবাৰে জিপি সিঙে এক্সত পোষ্ট কৰে আৰু লিখে, “আমি যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি আমাৰ মানুহৰ মৃতদেহ ঘূৰাই আনিম । অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক’ত এৰি থৈ গৈছে । শোকত ভাগি পৰা পৰিয়ালবোৰে আপোনাৰ পৰা এইখিনি পোৱাৰ যোগ্য ৷”

উল্লেখ্য যে, মঙলবাৰেও জি পি সিঙে এক্সৰ যোগে আহ্বান জনাইছিল লাচিত হাজৰিকা আৰু নয়নমণি চেতিয়াৰ মৃতদেহ দুটা ঘূৰাই দিয়াৰ বাবে ।

জি পি সিঙে লিখিছিল , “প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত । অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক । পৰিয়ালৰ অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক ।”

লগতে পঢ়ক :Capital punishment to top ULFA leader: মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হ’ল আলফা (স্বাঃ)ৰ সদস্যক