Local, Vocal, Global

Traffic Rule Violation : বাতিল হ’ল পাঁচ বছৰৰ পুৰণি ট্ৰেফিক চালান

নেশ্যনেল ডেস্ক, ১০ জুন : যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত অভিযুক্ত বাহনৰ মালিকসকলক এক বৃহৎ ৰেহাই দিয়া হৈছে (cancels five years traffic challans)। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ চৰকাৰে ২০১৭-২০২১ বৰ্ষৰ ভিতৰত যি সকলে চালানৰ বিপৰীতে জৰিমনা দিব লগা আছিল , সেইসকলৰ জৰিমনা বাতিল কৰাৰ কথা ঘোষণা কৰিছে (Traffic role violation) ।

বিভিন্ন যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে চালান লাভ কৰা সেইসকল চালকৰ বাবে এয়া এক ভাল খবৰ । দীৰ্ঘদিন ধৰি চালানৰ বিপৰীতে থকা জৰিমনা নিদিয়া বাহনৰ মালিকৰ চালান বাতিল কৰাৰ নিৰ্দেশ দিছে ইউ পি চৰকাৰে । পৰিবহণ বিভাগৰ তথ্য অনুসৰি, ২০১৭ চনৰ ১ জানুৱাৰী পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহন আইনৰ বিভিন্ন নিয়ম উলংঘা কৰা বাহনসমূহৰ ৫ বছৰৰ ট্ৰেফিক চালান এতিয়া বাতিল কৰা হৈছে (cancels five years traffic challans) । চৰকাৰী বেচৰকাৰী সকলো বাহনৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য কৰা হৈছে ।

খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ পৰিবহণ আয়ুক্ত চন্দ্ৰ ভূষণ সিঙে সকলো আঞ্চলিক পৰিবহণ বিষয়াক আদালতৰ দ্বাৰা ৰেহাই দিয়া গোচৰৰ তালিকা লাভ কৰাৰ পিছত পৰ্টেলৰ পৰা ট্ৰেফিক চালানৰ বিপৰীতে থকা বাহনসমূহৰ নম্বৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে (Transport Commissioner Chandra Bhushan Singh) । উত্তৰ প্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ বহু ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ মালিকক সকাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে । ইয়াৰ উপৰিও পৰিবহণ কাৰ্যালয়সমূহে আদালতৰ পৰা তালিকা লাভ কৰাৰ পিছত ই-চালান পৰ্টেলৰ পৰা বাকী থকা চালান আঁতৰাবলৈ চৰকাৰে সকলো সংমণ্ডল পৰিবহণ কাৰ্যালয়লৈ এক নিৰ্দেশ জাৰি কৰিছে ।

পৰিবহণ আয়ুক্তগৰাকীয়ে কয় যে জৰিমনা নিদিয়া পুৰণি চালানসমূহৰ এই বাতিল ২০২৩ চনৰ জুন মাহৰ ইউ পি অধ্যাদেশ নম্বৰ ২ অনুসৰি কৰা হৈছে ।

ইউ পি চৰকাৰৰ এই সিদ্ধান্তই সাধাৰণ চালকসকলক বহু সকাহ দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই সিদ্ধান্তক লাখ লাখ বাহনৰ চালকে আদৰণি জনোৱাৰ লগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰে । বিশেষকৈ যিসকলৰ বিৰুদ্ধে ৫ বছৰ পূৰ্বে যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল (CM Yogi Adityanath)।

ই-চালান পৰ্টেলৰ পৰা জৰিমনা নিদিয়া বাহনৰ চালানবোৰ কৰ্তন কৰিলেও মোবাইল যোগে জাননী প্ৰেৰণ কৰা হ’ব যাতে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত হয় ।

উল্লেখ্য পুৰণি চালানবোৰ বাতিল হোৱাৰ পিছত পুনৰ যদি চালান কাটিব লগা অৱস্থা, তেতিয়া পূৰ্বৰ দৰে চালকসকলে আতংকিত হ’ব নালাগে । ঘৰতে বহি অনলাইনত ট্ৰেফিক চালানৰ বিপৰীতে থকা জৰিমনা পৰিশোধ কৰিব পাৰিব । ইউ পি যান বাহন নিয়ন্ত্ৰণ শাখাৰ অফিচিয়েল ৱেবছাইটত উপলদ্ধ হ’ব বিতং তথ্য । তাৰ পূৰ্বে ৱেবছাইটত বাহন নম্বৰ পঞ্জীয়ন কৰিব লাগিব । ইয়াৰোপৰি যদি চালকসকলৰ বিৰুদ্ধে ভুল চালান জাৰি কৰা হৈছে বুলি ভাবে তেন্তে তেওঁলোকেও পোনপটীয়াকৈ ৱেবছাইটৰ যোগে অভিযোগ দাখিল কৰিব পাৰে ।

বিবৃতি অনুসৰি , নয়ডাৰ কৃষকসকলে এনে চালান বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই পদক্ষেপে সমগ্ৰ উত্তৰ প্ৰদেশত কোটি কোটি চালানৰ ৰেহাইৰ পথ প্ৰশস্ত কৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ ৫ জুনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেখেতৰ জন্মদিন পালন কৰিছিল । উত্তৰ প্ৰদেশৰ ২২ সংখ্যক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত গোৰখপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছৰ পৰা ৫ বাৰকৈ পুনৰ নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক : Plane crash : আমাজনৰ জংঘলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিন পিছত জীৱন্তে উদ্ধাৰ ৪টা শিশু