Local, Vocal, Global

Online fraud App : কানাডিয়ান ছলাৰ এপে একে নিশাই লুটিলে একাংশৰ বহু কোটি টকা

নিউজ ডেস্ক, ২৮ জুন : কানাডিয়ান ছলাৰ এপে একে নিশাই লুটিলে নিলে মাজুলীৰ একাংশ লোকৰ বহু কোটি টকা(Online fraud App) ৷ মাজুলীৰ গুৱালগাঁৱত কাৰ্যালয় স্থাপন কৰি পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷ দিগন্ত হাজৰিকা নামৰ এগৰাকী যুৱকৰ ভৰসাতেই প্ৰৱঞ্চনাৰ চিকাৰ হৈছিল সহজ সৰল বহুলোক ৷ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ (Online fraud App)৷

কোটিপতি হোৱাৰ সপোন দেখি সৰ্বস্বান্ত মাজুলীৰ একাংশ লোক । CANADIAN SOLAR নামৰ অনলাইন এপত হাজাৰ হাজাৰ টকা বিনিয়োগ কৰি সৰ্বস্বান্ত হৈছে (Canadian Solar App)। ভুৱা পৰিচয়েৰে মাজুলীৰে বহু গ্ৰাহকৰ পৰা কোটি কোটি টকা লুটি উধাও হোৱা কানাডিয়ান ছলাৰ নামৰ এপটোৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত মাজুলীত ধন বিনিয়োগ কৰা গ্ৰাহকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

মাজুলীৰ গুৱালগাঁও তিনিআলিত এটা দোকান ঘৰ ভাড়ালৈ লৈ কানাডিয়ান ছলাৰৰ নামত সম্পূৰ্ণ অবৈধভাৱে কাৰ্যালয় খুলি প্ৰৱঞ্চনাৰ জাল পেলাই শ শ লোকক ধন বিনিয়োগ কৰোৱাই সৰ্বস্বান্ত হোৱা চক্ৰটো সম্প্ৰতি পোহৰলৈ আহিছে(Canadian Solar App) ৷ দিগন্ত হাজৰিকা নামৰ এগৰাকী লোকক ভৰসা কৰি ধন বিনিয়োগ কৰা বুলি বহুজনে জানিবলৈ দিয়াৰ লগতে বসন্ত শইকীয়া নামৰ শিক্ষকজনে সামাজিক মাধ্যমত পোষ্ট দি বিভিন্ন জনক ইয়াত যোগ দিবলৈ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে ৷

এই ঘটনাত জড়িত থকা বুলি অভিযোগ উঠা শিক্ষক বসন্ত শইকীয়াই প্ৰথমে সকলো কথা অস্বীকাৰ কৰাৰ লগতে আত্মপক্ষ সমৰ্থন কৰাহে পৰিলক্ষিত হয় । শইকীয়াই কানাডিয়ান ছলাৰ এটা অবৈধ এপ বুলি কোৱাৰ লগতে এতিয়া সকলো সৰ্বস্বান্ত হোৱাৰ পিছতহে ইয়াত ধন বিনিয়োগ নকৰিবলৈ সকলোকে আহ্বান জনায় ।

ইফালে জানিব পৰা মতে শইকীয়াই বিভিন্ন ৱাটছ এপ (WhatsApp) গ্ৰুপ আৰু অন্যান্য লোকক এই এপত ধন বিনিয়োগ কৰিবলৈ উদগনি যোগোৱা বুলি বহুলোকে অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাত তেওঁৰ পত্নীৰ নামতহে উক্ত কানাডিয়ান ছলাৰৰ এটা আইডি থকা বুলি উল্লেখ কৰে ৷

আনহাতে অন্যান্য লোকে অভিযোগ উত্থাপন কৰি কয় যে শিক্ষক বসন্ত শইকীয়াই ফেচবুকৰ জৰিয়তে কানাডিয়ান ছলাৰ এপত ধন বিনিয়োগ কৰিবলৈ মানুহক আহ্বান জনাইছিল ৷ এই আহ্বানৰ পিছতেই বহু নিবনুৱা যুৱকে এই এপত ধন বিনিয়োগ কৰিছিল ৷ এগৰাকীয়ে কাৰ্যালয় খুলি ধন বিনিয়োগ কৰিবলৈ প্ৰৰোচিত কৰা আৰু বসন্ত শইকীয়াই ফেচবুকত পোষ্ট দি প্ৰৰোচিত কৰা বুলি বিভিন্ন জনে অভিযোগ কৰি দুয়োজনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে ৷

উল্লেথ্য যে প্ৰথম অৱস্থাত দৈনিক টকা উপাৰ্জন হোৱাত লোকসকলে অধিক উপাৰ্জনৰ লোভত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল ৷ কিন্তু যোৱা ২১ জুনৰ পৰা বিনিয়োগ কৰা লোকসকলৰ দৈনিক উপাৰ্জিত ধন ব্যক্তিগত বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ পিছতো সেই ধন বেংক একাউন্টত নোসোমাল আৰু অৱশেষত যোৱা ২৫ জুনৰ নিশা এপটো চিষ্টেমৰ পৰা ডিলিট হৈ যায় ৷ ইয়াৰ লগে লগে এতিয়া ধন বিনিয়োগ কৰা মাজুলীৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

জানিব পৰা মতে এই এপটোত মাজুলীৰ বহু কলেজৰ অধ্যাপক, শিক্ষক, চিকিৎসক, ঠিকাদাৰ, সম্ভ্ৰান্ত লোকেও ধন বিনিয়োগ কৰিছিল যদিও এতিয়া উচ্চ শিক্ষিত বিনিয়োগকাৰী সকলে ধন হেৰুৱাৰ দুখ বুকুতে ৰাখি মুখলজ্জাৰ ভয়ত মুখ খুলিব বিচৰা নাই ৷ ইফালে মাজুলীৰ পৰাই আনুমানিক ১০ কোটিতকৈ অধিক টকা এই এপছটোৱে লুট কৰা বুলি জানিব পৰা গৈছে ৷

৫৫০ টকাৰ পৰা আৰম্ভ কৰি বহু টকা বিনিয়োগৰ বিভিন্ন প্লেন গ্ৰাহকৰ মাজত মুকলি কৰি দুই তিনিগুন পৰ্যন্ত গ্ৰাহকক প্ৰতিদিনে ধন উভটাই দি প্ৰথমে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল CANADIAN SOLAR । অন্যহাতে এই ঘটনাত মুখ খোলাৰ বাবে শিক্ষক বসন্ত শইকীয়াৰ পত্নীয়ে ফোনযোগে গুৱাল গাঁৱৰ যুৱকক জেললৈ প্ৰেৰণ কৰা ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ