Canada PM and Sophie Trudeau separation : বিবাহ বিচ্ছেদ হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু ছফি গ্ৰেগোইৰ ট্ৰুডোৰ
ইন্টাৰনেশ্যনেল ডেস্ক, ৩আগষ্ট: বিবাহ বিচ্ছেদ হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ(Canada PM and Sophie Trudeau separation)। বিবাহৰ ১৮বছৰৰ পাছত বিচ্ছেদৰ সীদ্ধান্ত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডোৰ ।বুধবাৰে এই কথা ঘোষণা কৰিলে দুয়ো(Canadian PM Trudeau and wife Sophie announce separation after 18 year marriage) । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডোৱে এটা ইনষ্টাগ্ৰামত পোষ্ট কৰে আৰু কয় যে, তেওঁলোকে বহু আলোচনা আৰু বুজাবুজিৰ মাজত এই সিদ্ধান্ত লৈছে ।
কেইমাহমান পূৰ্বে ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৱে তেওঁলোকৰ বিবাহ বাৰ্ষিকীত হাত মিলাই থকা এখন ফটো পোষ্ট কৰিছিল
উল্লখ্য যে, প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু ছফি গ্ৰেগোইৰে তেওঁৰ ভাতৃ মিচেলৰ সহপাঠী হৈ থাকোঁতে লগ পাইছিল । তাৰ পিছত তেওঁলোক ২০০৩ চনত এক অনুষ্ঠানত পাইছিল ।
ট্ৰুড হৈছে এনেকুৱা এজন প্ৰধানমন্ত্ৰী যিয়ে কাৰ্যাকালত থাকোঁতেই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে ।জাষ্টিন ট্ৰুডো হৈছে দ্বিতীয় প্ৰধানমন্ত্ৰী যিয়ে কাৰ্যালয়ত নিজৰ বিবাহৰ বিচ্ছেদৰ কথা ঘোষণা কৰে ।
ইয়াৰ পূৰ্বে জাষ্টিন ট্ৰুডোৰ পিতৃ পিয়েৰ ট্ৰুডো আৰু মাতৃ মাৰ্গাৰেট ট্ৰুডো পৃথক হৈছিল(Canadian PM Justin Trudeau announces separation from his wife) ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কয় যে জাষ্টিন ট্ৰুডো আৰু ছফি গ্ৰেগোইৰ ট্ৰুডোৱে দুয়োৱে এখন আইনী চুক্তিত স্বাক্ষৰ কৰিছে ।লগতে দুয়োৱে কয় যে , “আমি ইজনে সিজনৰ প্ৰতি গভীৰ মৰম,ভালপোৱা আৰু সন্মানেৰে ইমান দিনে যি নিৰ্মাণ কৰিছে তাৰ বাবে এটা পৰিয়াল হৈ আছোঁ(Justin Trudeau And Wife Sophie To Separate) ।
কানাডাৰ অন্যতম বিখ্যাত ৰাজনীতিবিদসকলৰ ভিতৰত জাষ্টিন ট্ৰুডো অন্যতম । এইগৰাকী ৫১ বছৰীয়া প্ৰধানমন্ত্ৰীৱে ২০১৫ চনত কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । জাষ্টিন ট্ৰুডোৰ পত্নী ছফি ট্ৰুডো এগৰাকী প্ৰাক্তন মডেলৰ লগতে এগৰাকী টিভিৰ অনুষ্ঠান আঁত ধৰোতা (এংকৰ) । তেওঁলোকে দুয়ো ২০০৫ চনত বিবাহপাশত আবদ্ধ হৈছিল । আৰু দুয়োৰে তিনিটা সন্তান আছে । তেওঁলোকৰ ১৫ বছৰীয়া জেভিয়াৰ, ১৪ বছৰীয়া এলা-গ্ৰেছ আৰু ৯ বছৰীয়া হেড্ৰিয়ান নামৰ তিনি সন্তান আছে ।
বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত বিষয়টোৰ সৈতে পৰিচিত এজন বিষয়াই কয় যে, জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডো সন্তানক লালন-পালনৰ কৰাৰ বাবে যুটীয়াভাৱে দায়িত্ব কৰিব বুলি আশা কৰা হৈছে । তেওঁ অটাৱাৰ ৰিডাউ কটেজত থাকিব, য’ত তেওঁ ২০১৫ চনৰ পৰা বাস কৰি আছে ।
নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াজনে এই তথ্য প্ৰদান কৰিছে ।কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডোৱে শেহতীয়াকৈ অতি কমেহে ৰাজহুৱাভাৱে দৃষ্টিগোচৰ হৈছে । চৰকাৰী ভ্ৰমণত হে তেওঁক প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ গৈছিল ।
অটাৱাত কানাডা দিৱসৰ অনুষ্ঠানত এক অনুষ্ঠানত জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডো একেলগে ৰাজহুৱাভাৱে দেখা পোৱা গৈছিল । ট্ৰুডোৰ কাৰ্যালয়ৰ এক বিবৃতিত জাষ্টিন ট্ৰুডো কয় যে, তেওঁলোক দুয়োৰে এটা পৰিয়াল আছে আৰু তেওঁলোকে তেওঁলোকৰ সন্তানক একমৰমীয়াল , সুৰক্ষিত পৰিবেশত ডাঙৰ-দীঘল কৰাৰ ওপৰত গুৰুত্ব দিছে ।
লগতে পঢ়ক :Dead woman gets tax notice : দহ বছৰ পূৰ্বে মৃত্যু হোৱা মহিলালৈ প্ৰায় ৭.৫৬ কোটি টকাৰ কৰ জাননী