Can Vegetables cause Digestive Issues : আপোনাৰ হজমত বাধাৰ সৃষ্টি কৰিব পাৰে এই কেইবিধ পাচলিয়ে
আমাৰ শৰীৰক সু-স্বাস্থ্যবান কৰি ৰাখিবলৈ আমাৰ শৰীৰত পাচলিত গুৰুত্বপূৰ্ণ ভূমিকা আছে । সেউজীয়া শাক-পাচলিলে আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে । পাচলিত থকা আঁহ, ভিটামিন, খনিজ পদাৰ্থই শৰীৰক নিৰোগী কৰি ৰখাত যথেষ্ট সহায় কৰে(Can Vegetables Cause Digestive Issues)।
কিন্তু আয়ুৰ্বেদৰ মতে কিছুমান পাচলিয়ে শৰীৰৰ ক্ষতি কৰে। সেই পাচলিবোৰ খালে আমাৰ হজম কৰাটো কঠিন হৈ পৰে ।
কি পাচলিয়ে হজমত সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেই বিষয়ে জানো আহক( Foods That Can Cause Gut and Digestive Issues)
ফুলকবি
আয়ুৰ্বেদৰ মতে, ফুলকবি ঠাণ্ডা। যাৰ বাবে ফুলকবি খালে পাকস্থলীৰ জুইৰ উপাদান ক্ষতিগ্ৰস্ত হয়। ই শৰীৰত কফৰ পিত্তও হ্ৰাস কৰে। এনে পৰিস্থিতিত যদি আপুনি ফুলকবি খায়, তেনেহ’লে ই হজম সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে।
বিলাহী
বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। যাৰ বাবে আমি সকলোয়ে ইয়াক আমাৰ খাদ্য তালিকাত অন্তৰ্ভূত কৰো। কিন্তু যদি প্ৰয়োজনতকৈ অধিক বিলাহী খোৱা হয়, ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াত থকা টেঙায়ে পাকস্থলীত এচিড বৃদ্ধি কৰিব পাৰে। বৰ্ধিত এচিডৰ ফলত আপোনাৰ হজম নহ’ব পাৰে।
কেপচিকাম
কেপচিকামত থকা আঁহ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি বহুতেই কেপচিকাম ব্যৱহাৰ কৰো।কিন্তু কেপচিকামত পোৱা ক্ষতিকাৰক যৌগবোৰে হজমত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আয়ুৰ্বেদৰ মতে, অত্যাধিক কেপচিকাম খালে পিত্তৰ বিকাৰ হয়। ইয়াৰ বাহিৰেও, যদি আপুনি ৰক্তচাপৰ ৰোগী, তেন্তে ইয়াক কম পৰিমাণে গ্ৰহণ কৰিব।
পালেং শাক
পালেং শাকক আইৰণৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। ই ওজন হ্ৰাস কৰাতো যথেষ্ট সহায়ক। কিন্তু আয়ুৰ্বেদৰ মতে, পালেং খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক।যদি ইয়াক বাৰিষা কালত খোৱা হয়, তেন্তে হজমৰ সমস্যা যেনে এচিডিটি, বদহজম, পেটৰ বিষ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়।
বন্ধাকবি
বাৰিষাৰ বতৰত বন্ধাকবিও খাব নালাগে। কিয়নো এই ঋতুত শাক-পাচলিত পোক-পতংগ থাকে, যিয়ে হজমত প্ৰভাৱ পেলাব পাৰে। আয়ুৰ্বেদৰ মতে, বাৰিষাত বন্ধাকবি খোৱাৰ ফলত এচিডিটি, পেটৰ বিষ, বদহজম আদি সমস্যা হয়।