ছোৱালীৰ হোষ্টেলৰ বাথৰুমত কেমেৰা! স্নানৰ ভিডিঅ’ ভাইৰেল! ৬ দিনলৈ বন্ধ বিশ্ববিদ্যালয়
নিউজ ডেস্ক : ছোৱালীৰ ছাত্ৰাবাসৰ পৰা আপত্তিজনক ভিডিঅ’ লিক হোৱাৰ অভিযোগত ব্যৱস্থা গ্ৰহণৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাত চণ্ডিগড় বিশ্ববিদ্যালয় প্ৰশাসনে ৬ দিনৰ বাবে চণ্ডীগড় বিশ্ববিদ্যালয় বন্ধ ঘোষণা কৰে৷ আনহাতে, আজি ছাত্ৰীসকলৰ সৈতে দুৰ্ব্যৱহাৰৰ অভিযোগত ছোৱালী হোষ্টেলৰ ৱাৰ্ডেন ৰাজবিন্দৰ কৌৰক নিলম্বন কৰে। বিশ্ববিদ্যালয়খন শনিবাৰলৈকে শিক্ষাৰ্থীসকলৰ বাবে বন্ধ হৈ আছে। বিশ্ববিদ্যালয়ৰ বাহিৰত পুৰুষলৈ ভিডিঅ’ প্ৰেৰণ কৰাৰ আৰু ভাইৰেল সম্পৰ্কে আৰক্ষীক অৱগত কৰা নাছিল ৱাৰ্ডেনে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰাত ছাত্ৰীক অভব্য আচৰণ কৰিছিল ৱাৰ্ডেনে৷
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। চণ্ডীগড় বিশ্ববিদ্যালয় চৌহত আৰু চণ্ডিগয় চহৰ উত্তাল হৈ পৰিছে৷ প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত মাজনিশা শিক্ষাৰ্থীসকলে প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইপিনে ভিডিঅ’ ভাইলেলৰ ঘটনাকলৈ আৰক্ষীয়ে এতিয়ালৈকে তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰা ছাত্ৰীগৰাকী, ছাত্ৰীগৰাকীৰ চিমলাৰ এগৰাকী বন্ধু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।
কেইবাগৰাকী ছাত্ৰীৰ কিছুমান আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি অনলাইনত পোষ্ট কৰাৰ খবৰকলৈ লৈ পঞ্জাৱৰ চহৰখন উত্তপ্ত হৈ আছে৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘটনাৰ তদন্তৰ নিৰ্দেশ দি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। চণ্ডীগড় বিশ্ববিদ্যালয়ৰ দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে শুনি দুখ লাগিছে৷ আমাৰ ছোৱালীবোৰ আমাৰ গৌৰৱ৷ ঘটনাৰ এক উচ্চ-স্তৰৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ যিদোষী সাব্যস্ত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। মুখ্যমন্ত্ৰী মানে টুইটাৰত কথা যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত প্ৰশাসনৰ সৈতে যোগাযোগ কৰি থকাৰ কথা উল্লেখ কৰে।
শিক্ষাৰ্থীসকলক শান্ত হৈ থাকিবলৈ আৰু সংবাদমাধ্যমক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে৷
উল্লেখ্য যে, ৬০ গৰাকী ছাত্ৰী আছিল বিশ্ববিদ্যালয়খনৰে হোষ্টেলৰ নিৱাসী৷ ৬০ গৰাকী ছাত্ৰীৰে স্নান কৰাৰ ভিডিঅ’ ইণ্টাৰনেটত উপলব্ধ আৰু ভাইৰেল হৈ পৰে৷ ঘটনাৰ পাছতে বিশ্ববিদ্যালয় চৌহদ উত্তাল হৈ পৰে৷ বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে সেই ভিডিঅ’বোৰ তৈয়াৰ কৰিছিল৷ ভিডিঅ’সমূহ চিমলাৰ এজন বন্ধুলৈ পঠিয়াইছিল৷ বন্ধুজনে ভিডিঅ’বোৰ ইণ্টাৰনেটত ভাইৰেল কৰিছিল৷