Cachar Police Seized Drugs Worth Rs 6 Crore : কাছাৰত ৬ কোটি টকাৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ ৪জন সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৯ জানুৱাৰী : অব্য়াহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই আছে নিৰৱিচ্ছিন্ন অভিযান । অন্য জিলাৰ সমান্তৰালকৈ কাছাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে চলাই আছে নিৰৱিচ্ছিন্ন অভিযান( Cachar Police Seized Drugs Worth Rs 6 Crore) ।
বৃহস্পতিবাৰে গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীয়ে অভিযান চলাই কাছাৰত । অভিযানত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে মণিপুৰৰ তিনিজন লোকক গ্ৰেপ্তাৰৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৪জনক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইজনৰ পৰা ৩৮টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰাৰ লগতে ১৫,৮০০ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হয়। জব্দ কৰা হেৰ’ইনৰ আৰু টেবলেটৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে(Police Seize Contraband Drugs Worth Rs 6 Crore in Cachar, Four Arrested) ।
ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে সদৰি কৰা মতে, মণিপুৰৰ ফেৰজোল জিলাৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন আৰু টেবলেট লৈ কাছাৰ জিলালৈ আহিছিল মণিপুৰৰ তিনিজন ড্ৰাগছ ব্যৱসায়ী।
গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে লক্ষীপুৰ আৰক্ষীৰ দল এটাই এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে অভিযান চলাই লক্ষীপুৰ ফুলেৰতলৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন থাং মং মাৰ, বিয়েকছাং এবেনেজাৰ থিক আৰু পেট্ৰিক পুদৈতা।
ইয়াৰে পেট্ৰিক পুদৈতাৰ ঘৰ কাছাৰৰ লক্ষীপুৰত আৰু প্ৰথম তিনি জনৰ ঘৰ মণিপুৰৰ শিৱপুৰী খালত বুলি সদৰি কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পিছত ধৃত লোক কেইজনক লক্ষীপুৰ থানাত জেৰা কৰি আছে আৰক্ষীয়ে(Assam police seize drugs worth Rs 6 crore in Cachar district, 4 held)।