Local, Vocal, Global

Cachar News: কাছাৰত চোৰৰ সন্ত্ৰাস

কাছাৰ,১০ফেব্ৰুৱাৰী : কাছাৰৰ গুমৰা বজাৰত চুৰি কাণ্ড। বজাৰৰ পৰা চুৰি কৰি নিলে মটৰ চাইকেল।

দেওবাৰে নিশা কাছাৰৰ গুমৰা বজাৰত অৱস্থিত বন্ধন বেংকৰ কাষৰ পৰা চুৰে লৈ যায় এখন MT15 মডেলৰ মটৰ চাইকেল। গুমৰা ক্ৰিক পাৰ্ক বাগানৰ বীৰু কুৰ্মি নামৰ এজন যুৱকে বন্ধন বেংকৰ কাষৰ সাধেৰখাল ৰোডত মটৰ চাইকেলখন ৰাখী কিছু কামত বজাৰলৈ গৈছিল। কামৰ পৰা আধা ঘণ্টামান পিছত আহি তেওঁ দেখিলে যে তেওঁৰ মটৰ চাইকেলখন নাই(Cachar News)।

বহু বিচাৰ খোচৰৰ অন্তত অৱশেষত যুৱকজনে গুমৰা তদন্ত কেন্দ্ৰত চুৰি সংক্রান্ত এখন গোচৰ ৰুজু কৰে। চুৰি হোৱা বাইকখনৰ নম্বৰ হৈছে AS 11AB 9113।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক:Cachar News:কাটিগড়াৰ গড়েৰ ভিতৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত ঘোচ দাবী কৰাৰ অভিযোগ।