Watch | Cachar news: কাছাৰৰ কাটিগড়াৰ প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা
কাটিগড়া: কাছাৰৰ কাটিগড়া চৌৰঙীত অৱস্থিত Central Hospital নামৰ এখন বেচৰকাৰী হাস্পাতালত এগৰাকী প্ৰসূতি ৰোগীৰ মৃত্যুৰ ফলত চিকিৎসালয়খনত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়।
অভিযোগ অনুসৰি কালাইন ডিগাবৰ ৰোডৰ বাসিন্দা ৰমজানা বেগম (২৩ বছৰ) নামৰ এগৰাকী প্ৰসূতি ৰোগীক পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুপৰীয়া ২ বজাত ৰোগীজনক ছিদ্ৰৰ বাবে অপাৰেচন থিয়েটাৰত ভৰ্তি কৰা হয়। তিনি বজাত চিজাৰিয়ান কৰি এটি ল’ৰাৰ জন্ম হয়। সন্তান জন্ম হোৱাৰ পিছত যেতিয়া ৰোগীৰ পৰিয়ালৰ লোকে সন্তানটিৰ মাতৃক চাব বিচাৰিছিল, তেতিয়া চিকিৎসালয় কৰ্তৃপক্ষই বহু অজুহাত দেখুৱাই থাকে। পৰিয়ালৰলোকৰ সন্দেহ উপজে তেতিয়া তেওঁলোকে তদন্ত কৰি গম পায় যে প্ৰসূতিগৰাকীৰ মৃত্যু হৈছে।
ইয়াৰ পৰাই আৰম্ভ হ’ল এক বৃহৎ উত্তেজনা। তেওঁলোকৰ অভিযোগ যে চিকিৎসালয়খনত কোনো জ্যেষ্ঠ চিকিৎসক নাই। চিকিৎসক অবিহনে হাস্পতালৰ কৰ্মী সকলে মহিলা গৰাকীৰ প্ৰসূতি কৰোৱাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ। ইয়াৰ পূৰ্বে বহু অভিযোগ আছে এইখন হাস্পাতালখনৰ বিৰুদ্ধে। এতিয়ালৈকে এই হাস্পাতালত চৰম উত্তেজনা বিৰাজ কৰিছে।
লগতে পঢ়ক: Watch | Biswanath news: বিশ্বনাথত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি