Local, Vocal, Global

WATCH | Cachar News : কৰ্তব্যক অৱহেলা কৰি তাচ খেলাত ব্যস্ত একাংশ বনকৰ্মী

কাছাৰ,১জুলাই : কৰ্তব্যক অৱহেলা কৰি তাচ খেলাত ব্যস্ত একাংশ বনকৰ্মী। বন বিভাগৰ কাটিগৰা কালাইন ৰেঞ্জ কাৰ্যালয়ত এই ঘটনা।
সোমবাৰৰ দুপৰীয়াৰ এক বিৰল দৃশ্য। বনকৰ্মীকেইজনৰ বাবে সুস্বাদু খাদ্য প্ৰস্তুত এজন কাঠচোৰৰ। সাংবাদিকক দেখি স্থান এৰি পলায়নৰ চেষ্টা বনকৰ্মীসকলৰ।

কাছাৰ জিলাৰ বন বিভাগৰ কালাইন ৰেঞ্জ কাৰ্যালয়ত অফিচৰ সময়তেই তাচ খেলি জুৱাত লিপ্ত হোৱা বন বিভাগৰ কিছুমান কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে। গোপন উৎসৰ পৰা পোৱা খবৰৰ ভিত্তিত আমাৰ প্ৰতিনিধি শমীন্দ্ৰ পাল ৰেঞ্জ অফিচৰ তলৰ মহলাত অভিযান চলাই, তাত কৰ্মচাৰীক তাচ খেলি থকা অৱস্থাত ধৰি পেলায়।  ইমানেহে নহয়, লাকুড়ি চোৰ বিনয়ক সেই কৰ্মচাৰীৰ বাবে ৰন্ধা কৰিও দেখা যায়(Cachar News)।

অন্যফালে, কেমেৰাৰ সন্মুখীন হ’বলৈ নচাহি বহুবাৰ চেষ্টা কৰিও ব্যর্থ হৈ, এটা কৰ্মচাৰীয়ে অৱশেষত দুৱাৰ বন্ধ কৰি দিয়ে। জনা মতে, ৰেঞ্জ অফিচাৰ ছুটিত আছে আৰু তেওঁৰ অনুপস্থিতিত দায়িত্বত আছে ফৰেষ্টাৰ ফিৰোজ চৌধুৰী। যদিও ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল, তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই। এই বিষয়টোলৈ বন বিভাগেৰ কর্তৃপক্ষে কি পদক্ষেপ লয়, সেয়া এতিয়া লক্ষ্য কৰাৰ বিষয়।

লগতে পঢ়ক :WATCH | Terrible boat accident : নাওঁ দুৰ্ঘটনাত নিখোঁজ যুৱকৰ মৃতদেহ উদ্ধাৰ