WATCH | Cachar News : অসম-মেঘালয় সীমান্তত আৱদ্ধ হৈ থকা ট্ৰাক চালকসকলৈ সহায়ৰ হাত কাছাৰ প্ৰশাসনৰ
কাছাৰ,২৬জুন : অসম-মেঘালয় সীমান্তত আৱদ্ধ হৈ থকা শতাধিক ট্রাকচালকলৈ সহায়ৰ হাত কাছাৰ জিলা প্ৰশাসনে। গুমৰা-কালাইনছড়া পথত দাঁতীয়াকৈ থকা প্ৰায় ৩৫০খন ট্ৰাকৰ চালকক প্ৰদান কৰ ৰেচন কিট(Cachar News)।
জিলা শাসক মৃদুল যাদৱৰ নিৰ্দেশত ডিডিএমএ, চাৰ্কল অফিচাৰ ডঃ ৰবাৰ্ট টুলোৰ আৰু স্বেচ্ছাসেৱকসকলে একেলগে এই ত্ৰাণ কাৰ্যত অংশ গ্ৰহণ কৰে। কিটত আছিল ৫ কেজি চাউল, ২ কেজি দাই, ২ লিটাৰ তেল, ১ কেজি নুন, ২ পেকেট বিস্কুট আৰু ৫ লিটাৰ পানী।
ট্ৰাক চালকসকলে প্রশাসনিক সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি অতি সোনকালে দলঙখন মেৰামতিৰ দাবী জনায়।
লগতে পঢ়ক :WATCH | Biswanath News : বিশ্বনাথ চাৰিআলিৰ পাভৈত চিলনি চোৰ আটক