Local, Vocal, Global

WATCH | Cachar News : গুটখা খাই মৃত্যু আৰক্ষী বিষয়াৰ

কাছাৰ,২৪জুন : গুটখাই কাল হ’ল এগৰাকী আৰক্ষী বিষয়াৰ। এইগৰাকী আৰক্ষী বিষয়াৰ নাম সুৰজিৎ ডেকা।সুৰজিৎ ডেকা কাছাৰৰ কাটিগড়া সমষ্টিৰ বিহাৰা আউট পোষ্টৰ ইনচাৰ্জ আছিল । গুটখা খোৱাৰ সময়তেই আৰক্ষী বিষয়া জনৰ গলত গুটখা লাগি যায়। তাৰ পাছতেই থানাৰ কোৱাৰ্টাৰ ৰোমত অচেতন হৈ পৰে বিষয়া জন(Cachar News)।

ঘটনাৰ পাছত সহকৰ্মী আৰু স্থানীয় ৰাইজ সকলে ৰোমৰ দৰজা ভাঙি উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় হাস্পতালত লৈ যদিও উন্নত চিকিসাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় সুৰজিৎ ডেকাক। শিলচৰ মেডিকেল কলেজলৈ লৈ যোৱাৰ পাছতেঅ আৰক্ষী বিষয়াজনৰ মৃত্যু হয়।

আৰক্ষী বিষয়াজনৰ এনে মৃত্যুত আৰক্ষী মহলত শোকৰ ছাঁ পৰিছে। মৃত আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ ঘৰ ৰঙিয়াত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও উৰিয়াগাঁৱত বিষাক্ত পার্থেনিয়াম নিৰ্মূলকৰণ অভিযান উপায়ুক্ত দেৱাশীষ শর্মাৰ