WATCH | Cachar News : কাছাৰত নিশা চুৰিকাণ্ড

কাছাৰ,২২জুন : কাছাৰত নিশা চুৰিকাণ্ড ।
শনিবাৰে নিশা কাছাৰ’ৰ দিগৰখালত সুবাসী দাসৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।
চোৰে লৈ যায় কেইবালাখ টকাৰ সোণৰ অলংকাৰ লগতে বিভিন্ন সামগ্ৰী।
এই ঘটনাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্র অঞ্চলজুৰি(Cachar News)।
ইফালে স্নাইপাৰ কুকুৰ লৈ চুৰিৰ তদন্ত আৰম্ভ কৰে কালাইন আৰক্ষীয়ে।
কুকুৰ ব্যৱহাৰ কৰি তদন্ত চলোৱাৰ পাছতো এতিয়ালৈকে চোৰৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে।
আৰক্ষীৰ তদন্ত অব্যাহত আছে।
ইফালে এই ঘটনাৰ পিছতে উদ্বেগ প্ৰকাশ কৰিছে পশ্চিম কাটিগড় জিলা পৰিষদৰ প্ৰাক্তন সদস্য সুব্ৰত চক্ৰৱৰ্তীয়ে ।
লগতে পঢ়ক :WATCH | Mangaldoi News : অংক ছাৰৰ নিমিলা অংক