WATCH | Cachar News : কাছাৰৰ সিন্দুৰাত কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

কাছাৰ,২২জুন : কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ কোনাপাড়া চাহ বাগিচাৰ পৰা সিন্দুৰা ৯ নম্বৰ খণ্ডত নিৰ্মিত এখন পথ প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। বিশেষকৈ সিন্দুৰা বাগিচাত নিৰ্মাণ হোৱা মুখ্য কালভাৰ্টটোক লৈ স্থানীয় ৰাইজৰ মাজত গভীৰ ক্ষোভ দেখা গৈছে(Cachar News)।
অভিযোগ অনুসৰি, গাৰ্ডৱাল নোহোৱাকৈ নিৰ্মাণ কৰা কালভাৰ্টটোৰ তলৰ পৰা মাটি সৰি যোৱা দেখা গৈছে, পথৰ কাষত ফাট ধৰা আৰম্ভ হৈছে। যি যিকোনো সময়ত ডাঙৰ দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে। এলেকাবাসীৰ অভিযোগ, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে।
এলেকাবাসীয়ে জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে। এতিয়া চাবলগীয়া বিষয় হ’ল, প্ৰশাসনে কিমান তৎপৰতাৰে পদক্ষেপ লয়।
লগতে পঢ়ক : WATCH | Goreswar News: গোৰেশ্বৰৰ মহৰীপাৰাৰ এটা ভৱনে বিলাইছে সমন্বয়ৰ বাৰ্তা