WATCH | Cachar News : দুমাহৰ বাবে বন্ধ কাটিগড়া-বদৰপুৰ দলং
কাছাৰ,২২মে’ : দুমাহৰ বাবে বন্ধ কাটিগড়া-বদৰপুৰ দলং। কিন্তু ফেৰি পাৰাপাৰত নাই পর্যাপ্ত যাত্রী সুৰক্ষা।
নিশা নৈ পাৰাপাৰৰ বাবে নাই একৌ ব্যৱস্থা।ছাত্র-ছাত্রীৰ নি:শুল্ক যাতায়াতৰ দাবীত জিলা আয়ুক্তক স্মাৰক পত্র।
৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাক নৈৰ উপৰত থকা কাটিগড়া-বদৰপুৰ সংযোগী দলং বন্ধ কৰি দিয়াৰ পিচত বিকল্প হিচাপে নাৱৰে যাত্রী পাৰাপাৰৰ ব্যৱস্থা গ্রহণ কৰা হৈছে যদিও প্রথম দিনাই যাত্রী সুৰক্ষা লৈ উত্থাপিত হৈছে প্রশ্ন(Cachar News)।
একাংশ লোকৰ অভিযোগ,যাত্রী সুৰক্ষা নকৰাকৈ চলিছে শ’শ যাত্রী পাৰাপাৰ। ফলত যিকোন সময় সংঘটিত হব পাৰে ভয়ংৰ দুর্ঘটনা। ব্যৱহাৰৰ অযোগ্য অতি পূৰণি কিছু লাইফজেকেট নাৱত ৰাখি দায়িত্ব পালন কৰিয়াছে IWT বিভাগটোয়ে। এয়া লৈ ইতিমধ্যে ক্ষোভিত হৈ পঢ়িছে একাংশ ৰাইজ।
ইফালে অতিৰিক্ত ফেৰী মাচুল সংগ্রহ কৰাৰ গুৰতৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় নিয়মত প্রতিজন যাত্রীক চাৰি টকা মাচুল দিব লাগে যদিও প্রথম দিনাই ৫ পৰা ১০ টকা মাচুল সংগ্রহ কৰা হৈছে বুলি অভিযোগ। ৰেহাই পোৱা নাই ছাত্র-ছাত্রীও। ফলত কাছাৰৰ জিলা আয়ুক্ত লৈ ছাত্র-ছাত্রী সকলে তেওঁলোক বিনামূলীয়া পাৰাপাৰৰ ব্যবস্থা কৰাৰ দাবীত চক্র বিষয়াৰ মাধ্যমত জিলা আয়ুক্তলৈ এখন স্মাৰকপত্র প্রেৰণ কৰিছে।
লগতে পঢ়ক : WATCH | Rangia News : ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে বহিৰাগত কোম্পানীৰ দপদপণি