Local, Vocal, Global

Cachar News:ভূমি জোৰ কৰি দখল কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে

কাছাৰ,৪ডিচেম্বৰ : ৰক্ষকেই ভক্ষক! বিবাদৰ মীমাংসাৰ অজুহাতত ভূমি জোৰ কৰি দখল কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে ।লক্ষীপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি অনুপ কুমাৰ পালৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ।

ৰাজ্যৰ মুখ্যমন্ত্রী যেতিয়া ভূমি মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে, তেতিয়া বিজেপিৰ এজন নিৰ্বাচিত প্ৰতিনিধিৰ বিৰুদ্ধে ভূমি দখল কৰাৰ অভিযোগ উঠিছে। বিবাদ নিষ্পত্তিৰ নামত জমি জবৰদখল কৰাৰ অভিযোগ উঠিছে লক্ষীপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি অনুপ কুমাৰ পালৰ বিৰুদ্ধে(Cachar News)।

এটা গুণ্ডাবাহিনী লৈ জোৰপূৰ্বক ভূমি দখল কৰাৰ অভিযোগত কাছাড়ৰ কালাইন থানাত এজাহাৰ দাখিল কৰিছে কালাইন লক্ষীপুৰ তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা অমিত কুমাৰ দাস আৰু সেউতি তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা অৱনী মোহন দাসে।

বিবাদকৃত ভূমিৰ সন্মুখত থিয় হৈ জয়শ্ৰী দাস, অলী ৰাণী দাস, অবনী মোহন দাসে অভিযোগ কৰে যে, বহু দিন ধৰি তেওঁলোকৰ পৈতৃক সম্পত্তিক লৈ কিছু সমস্যাৰ সন্মুখীন হৈছিল। এই সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে এটা সময়ত লক্ষীপুৰ জিপি’ৰ তৎকালীন সভাপতি অনুপ কুমাৰ পালে আগবাঢ়ি আহিছিল। প্ৰথমতে কিছুমান সমস্যা সমাধান কৰিও পিছলৈ তিলক তাল কৰি ভূমি আত্মসাত কৰিবলৈ ষড়যন্ত্ৰ আঁটে অনুপ কুমাৰ পালে।

অভিযোগ, তেওঁলোকৰ ভূমিত অবৈধভাৱে প্ৰৱেশ কৰি অনুপ বাবুৱে ট্ৰাক লগাই মাটি ভৰাৰ কাম কৰি আছে। ইয়াত বাধা প্ৰদান কৰোতে স্থানীয় গুণ্ডাবাহিনীক লগাই তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। অৱশেষত অৱনী মোহন দাস আৰু অমিত দাসে, অনুপ কুমাৰ পালৰ বিৰুদ্ধে কালাইন আৰক্ষী থানাত গোচৰ দাখিল কৰে। এজাহাৰ পাই কালাইন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মাটি ভৰাৰ কাম বন্ধ কৰি দিছে।

লগতে পঢ়ক :Rhino Carcass Recovered in Orang National Park: ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ মৃতদেহ