By-elections to five Assembly : আজি প্ৰকাশ পাব ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা

নিউজ ডেস্ক,৩০জুলাই : আজি প্ৰকাশ পাব অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা ।
১১ নং ধলাই বিধানসভা সমষ্টি, ৩১ নং চিদলী বিধানসভা সমষ্টি, ৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টি, ৭৭ নং বিহালী বিধানসভা সমষ্টি আৰু ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ ফলত এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো বাধ্যতামূলক হৈ পৰে।
সেই অনুসৰিয়েই এই সমষ্টি কেইটাত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগ। আজি আয়োগে এই সমষ্টি কেইটাৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব।
আয়োগে জনোৱা অনুসৰি এই সমষ্টি কেইটাত ২০২১ চনত উপলব্ধ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ’ব। এই খচৰা ভোটাৰ তালিকা দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা ১০ আগষ্টলৈ থাকিব(By-elections to five Assembly)।
দাবী আৰু নিষ্পত্তিকৰণ কৰা হ’ব ১৯ আগষ্টত। ইয়াৰ পিছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০ আগষ্টত। এই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে সংশ্লিষ্ট সমষ্টি কেইটাৰ ৰাইজে অনলাইন মাধ্যমেৰেও আবেদনপত্ৰ সংগ্ৰহ কৰিব পাৰিব।
ceoassam.nic.in ৱেবচাইটৰ পৰা অনলাইন আবেদনপত্ৰ সংগ্ৰহ কৰি সেইসমূহ পূৰণ কৰি বি এল অ’ বা ই আৰ অ’ অথবা ডি ই অ’ কাৰ্যালয়ত জমা দিব লাগিব। আবেদনপত্ৰ অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পাৰিব যদিও অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব।
লগতে পঢ়ক : Assam’s Heartthrob Zubeen Garg Hospitalized : ক্ৰমাৎ সুস্থ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ