Local, Vocal, Global

Businessman Found Murdered In Hatigaon : বৰ্তমানেও ৰহস্যৰ আৱৰ্তত চৈয়দ আলীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক,১৪জুলাই : হাতীগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পোহৰলৈ আহিছে ন ন তথ্য ৷

প্ৰাপ্ত তথ্য অনুসৰি, মৃত চৈয়দ আলীৰ আছিল দুগৰাকী পত্নী । প্ৰথমা পত্নীৰ সৈতে মহানগৰীৰ হাতীগাঁওস্থিত সুন্দৰবন নগৰৰ লাচিত বৰফুকন পথত বাস কৰিছিল চৈয়দে । আনহাতে, চৈয়দ আলীৰ দ্বিতীয় পত্নী থাকে হাতীগাঁও হাউচফেডত । কিছুদিন পূৰ্বে চৈয়দ আলীৰ দ্বিতীয় পত্নী আহিছিল সুন্দৰবন নগৰস্থিত ভাৰাঘৰলৈ ।

তাৰ পিছতেই দুই পত্নীৰ মাজত হৈছিল বাক-বিতণ্ডা ৷ চৈয়দ আলীৰ দ্বিতীয় পত্নীয়ে শাৰীৰিকভাৱেও প্ৰহাৰ কৰিছিল প্ৰথমা পত্নীক ।

হাতীগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত শনিবাৰে নিশা চৈয়দ আলীৰ ভতিজাকক সোধ-পোছ কৰে । কিন্তু ঘটনাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাচতো হাতীগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি ধাৰণা কৰা চৈয়দৰ দুই বন্ধুক । আনকি বৰ্তমানলৈ খবৰ নাই চৈয়দৰ দুই পত্নীৰ(Businessman Found Murdered In Hatigaon) ।

উল্লেখ্য যে, শুক্ৰবাৰে নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছিল এক চাঞ্চলকৰ হত্যাকাণ্ডৰ ঘটনা । হাতীগাঁৱৰ সুন্দৰবন নগৰত চৈয়দ আলী নামৰ এজন ব্যৱসায়ীক হত্যা কৰিছিল ।চৈয়দ আলীৰ দুই বন্ধুৱে হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে তাৰ পিছতে ঘটনা ঘটনা তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

বৰ্তমানেও জানিব পৰা হোৱা নাই এই ভয়ংকৰ হত্যাকাণ্ডৰ ৰহস্য ।বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত । আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য ।

লগতে পঢ়ক : Assam Rifles seized narcotics worth Rs 7.96 crore : নাগালেণ্ডত‌ জব্দ ৭.৯৬ কোটি টকাৰ হেৰ’ইন;আটক ৩জন