Businessman Found Murdered In Hatigaon : মহানগৰীৰ হাতীগাঁৱৰ সুন্দৰবন নগৰত হত্যাকাণ্ড
নিউজ ডেস্ক,১৩জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হত্যাকাণ্ডৰ ঘটনা । ৰাজ্যত পুনৰ এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সঘনাই ৰাজ্যত ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । শেহতীয়াকৈ সংঘটিত কেইবাটাও এনে হৃদয় বিদাৰক হত্যাকাণ্ডই সমাজত মানুহৰ অপৰাধৰ প্ৰৱণতা যে বৃদ্ধি পাইছে তাকে প্ৰতিফলিত কৰিছে(Businessman Found Murdered In Hatigaon) ।
পুনৰ মহানগৰীত হত্যাকাণ্ড । এইবাৰ মহানগৰীৰ হাতীগাঁৱৰ সুন্দৰবন নগৰত হত্যাকাণ্ড । চৈয়দ আলী নামৰ এজন ব্যৱসায়ীক হত্যা কোনো দুৰ্বৃত্তৰ।
বিগত ২ মাহ ধৰি হাতীগাঁৱত ভাড়তীয়া হিচাপে আছিল চৈয়দ আলী। পৰিয়ালৰ সৈতে বাস কৰিছিল চৈয়দ আছিল। গ্ৰীষ্ম বন্ধৰ বাবে পৰিয়ালৰ লোক গৈছিল ঘৰলৈ। ভতিজাকৰ লগত আছিল চৈয়দ আলী।
চৈয়দক বন্ধুৱে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। নিশা দুজন বন্ধু আহিছিল চৈয়দ আলীৰ ঘৰলৈ।
উল্লেখ্য যে নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে দুই বন্ধু। ইতিমধ্যে দুই বন্ধুক বিচাৰি তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, দণ্ডাধীশ আৰু ফৰেনছিকৰ দল(Businessman Found Murdered In Hatigaon)।
লগতে পঢ়ক : চৰকাৰলৈ বাট নাচায় মথাউৰি মেৰামতিত নামিল ৰাইজ