Local, Vocal, Global

Bus Accident In Bihar : তীৰ্থযাত্ৰী কঢ়িওৱা অনা বাছ দুৰ্ঘটনাত পতিত; নিহত এজন , আহত বহু লোক

নেশ্যনেল ডেস্ক, ৪অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । তীৰ্থযাত্ৰী কঢ়িওৱা অনা বাছ দুৰ্ঘটনাত পতিত(Bus Accident In Bihar) । নিহত এজন,গুৰুতৰভাৱে আহত হয় ৯জনকৈ লোক ।

এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে বিহাৰত । বিহাৰৰ কাইমুৰৰ বিষ্ণুপদ মন্দিৰৰ পৰা উভতি অহাৰ পথত তীৰ্থযাত্ৰী কঢ়িওৱা অনা বাছ দুৰ্ঘটনাত পতিত হয় । বাছখনত ৬০-৬৫ জন তীৰ্থযাত্ৰী আছিল বুলি জানিব পৰা গৈছে(Bus full of Devotees Returning to Varanasi after offering Pind Daan meets with an accident) ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি , বাৰাণসীৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনে ৰৈ থকা ট্ৰাকত খুন্দা মাৰে। ইয়াৰ পিছতে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হুৱাদুৱাৰ । আনহাতে,এই ভয়ংকৰ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে দুৰ্গাৱতী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বহু লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে । কিন্তু এগৰাকী মহিলাৰ থিতাতে নিহত হয় আৰু ৯ জন লোক গুৰুতৰভাৱে আহত হয় । এই সংঘৰ্ষ ইমানেই শক্তিশালী আছিল যে বাছখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় ।

ইফালে আহতসকলক উন্নত চিকিৎসাৰ বাবে দুৰ্গাৱতী পিএইচচি আৰু মোহনিয়া সংমণ্ডলীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰ পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(One killed, nine injured as bus rams into parked truck in Bihar’s Kaimur) ।

প্ৰাপ্ত তথ্য অনুসৰি, এই শোকাৱহ দুৰ্ঘটনাটো কাইমুৰৰ দুৰ্গাৱতী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দুই নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাহমুদগঞ্জৰ ওচৰত সংঘটিত হয় । বাছখনৰ চালকজনৰ টোপনিৰ বাবেই ৰৈ থকা ট্ৰাকত খুন্দা মাৰে বুলি সন্দেহ কৰা হৈছে(Bus of devotees returning to Varanasi after Pind Daan meets with accident in Kaimur) ।

ঘটনা সন্দৰ্ভত আহত মিতেশ কুমাৰ শৰ্মাই কয় যে তেওঁলোক সকলোৱে উত্তৰ প্ৰদেশৰ বদাউন জিলাৰ বাসিন্দা । তেওঁলোকে গয়াৰ পৰা উভতি আহিছিল ।

আনহাতে আন এজন তীৰ্থযাত্ৰীয়ে কয় যে “গয়াৰ পৰা পিণ্ডদান কৰি আমি সকলোৱে ঘৰলৈ উভতি আহি আছিলোঁ । পুৱা প্ৰায় ৩ বজাত বাছচালকজনৰ টোপনি যায় আৰু সন্মুখত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে । যাৰ ফলত বাছখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় । এগৰাকী মহিলাৰ মৃত্যু হৈছে । আনহাতে, বহু লোক আহত হৈছে ।”

লগতে পঢ়ক :8 Members of Family Dead in Road Accident : এক মৰ্মান্তিক দুৰ্ঘটনা;এৰ্টিগা বাহনৰ খুন্দা ট্ৰাকত