Local, Vocal, Global

Bus falls into gorge in Siddharthnagar : ধৰ্মীয় স্থানৰ পৰা উভতি অহা বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল দ’ খাৱৈত;নিহত ২জন,আহত ২০জন

নেশ্যনেল ডেস্ক,১৯অক্টোবৰ : উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত ভয়ংকৰ পথ দুৰ্ঘটনা ।নিয়ন্ত্ৰণ হেৰুৱাই ধৰ্মীয় স্থানৰ পৰা উভতি অহা বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল দ’ খাৱৈত । ফলত থিতাতে নিহত হয় দুজনকৈ যাত্ৰী, আহত হয় ২০জনকৈ যাত্ৰী(Two dead, 20 injured after bus falls into gorge in Siddharthnagar) ।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা যাত্ৰীসকলৰ শোহৰাটগড় তহচিলৰ মহনকোলা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত জিলা দণ্ডাধীশ ৰাজগণপতিয়ে জনাই যে, “মহনকোলা পঞ্চায়তৰ পৰা কমেও ৫৫ জন লোক ধৰ্মীয় স্থানলৈ বুলি বাছেৰে যাত্ৰা কৰি আছিল। সেই সময়তে যাত্ৰীবাহী বাছখন চৰগাঁও নদীৰ সমীপৰ দ খাৱেত বাগৰি পৰে( Bus falls into gorge in Siddharthnagar)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ লোকসকলক উদ্ধাৰ কৰে যদিও থিতাতে দুজন যাত্ৰীৰ মৃত্যু হয়।আনহাতে গুৰুতৰভাৱে আহত হয় ২০জনকৈ যাত্ৰী ।
আহত যাত্ৰীসকলক আৰক্ষী, এছ এছ বিৰ কৰ্মী, স্থানীয় লোকৰ সৈতে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :Fire Break Out in Kaliabor: কলিয়াবৰৰ বিলপাৰত ভয়ংকৰ অগ্নিকাণ্ড