Local, Vocal, Global

Bus falls into ditch in Assam’s Kaziranga : দ’ খাৱৈত বাগৰি পৰিল নৈশ বাছ

নিউজ ডেস্ক,১৬মে’ : এক শোকাৱহ দুৰ্ঘটনা । দ’ খাৱৈত বাগৰি পৰিল নৈশ বাছ ।

কাজিৰঙাৰ কহঁৰা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। বুধবাৰে নিশা সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনাটো(Bus falls into ditch in Assam’s Kazirang) ।

জানিব পৰা মতে, তেজপুৰৰ পৰা তিনিচুকীয়া অভিমুখী গৈ আছিল ক্ৰিটি নামৰ নৈশ বাছখন। তাৰ পিছতে হঠাতে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে ।কাজিৰঙাৰ কহঁৰা পেট্ৰল পাম্পৰ সমীপত দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ এএছ১২ই৯৩৮১। দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও আহত হয় বহুলোক৷