Bus caught fire : ৰাজপথত দাউদাউকৈ জ্বলি উঠিল বাছ

নিউজ ডেস্ক,৩১মাৰ্চ : ৰাজপথত দাউদাউকৈ জ্বলি উঠিল বাছ(Bus caught fire) ।
ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল এখন বাছ। দেওবাৰে পুৱতিনিশা ঘাইপথত জ্বলি ভস্মীভূত হয় বাছখন(Bus caught fire in Doboka)।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখী আহি আছিল বাছখন। মণিপুৰৰ নিৰ্বাচনত ব্যৱহাৰৰ বাবে নিছিল বাছখন। গুৱাহাটীৰ পৰা মণিপুৰলৈ গৈ আছিল ১০০খন বাছ। অগ্নিকাণ্ডৰ পিছতে বাছখনৰ চালক-হেণ্ডিমেনে পলায়ন কৰে। ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই। বাছখন ৰহস্যজনকভাৱে জ্বলি উঠাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত।
লগতে পঢ়ক : BJP releases campaigners list for LS polls : ত্ৰিপুৰাত প্ৰচাৰ চলাব সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই