Local, Vocal, Global

Burmese superficial truck seized in Amguri : আমগুৰিৰ হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিভৰ্ত্তি ট্ৰাক জব্দ

নিউজ ডেস্ক,২৭জুন : শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰিৰ হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিভৰ্ত্তি ট্ৰাক জব্দ । বৃহস্পতিবাৰে পুৱাই হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকখন।

জানিব পৰা মতে, নগালেণ্ড টুলীৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল চুপাৰিভৰ্তি ট্ৰাকখন। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত কেইবালাখ টকাৰ মূল্যৰ প্ৰায় ২৩০ বেগ চুপাৰি আছিল।

জব্দকৃত ট্ৰাকখন নম্বৰ হৈছে WB 63B 6017। হালোৱাটিং আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ট্ৰাকৰ চালকসহ দুজন লোকক। আটকাধীন লোক কেইজন হৈছে চাদ্দাম হুছেইন আৰু হাজিজুৰ আলী বুলি চিনাক্ত(Burmese superficial truck seized in Amguri)।

উল্লেখ্য যে নাগালেণ্ডৰ পৰা হলোৱাটিং আমগুৰি হৈ অবৈধভাৱে চুপাৰি সৰবৰাহৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। আজি শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰু আমগুৰিৰ মাজেৰে অবৈধভাৱে বাৰ্মাৰ চুপাৰি সৰবৰাহ হোৱাৰ সময়তে হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকখন। ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : AAP leaders protest outside Parliament against Delhi CM Arvind Kejriwal’s arrest : “অৰবিন্দ কেজৰিৱাল জিন্দাবাদ” ধ্বনিৰে উত্তাল সংসদ ভৱনৰ চৌহদ