Local, Vocal, Global

Burmese Supari Seized : মণিপুৰত অসম ৰাইফলছৰ সফল অভিযান; অভিযানত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বাৰ্মিজ চুপাৰী । মণিপুৰত অসম ৰাইফলছৰ সফল অভিযান । অভিযানত জব্দ বাৰ্মিজ চুপাৰী(Burmese Supari Seized ) ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত অসম ৰাইফলছৰ অভিযান(Burmese Supari Seized in Manipur) ।

অভিযানত চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিছে অসম ৰাইফলছে। ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা অৱস্থাত জব্দ কৰা হয় চুপাৰীখিনি।

উল্লেখ্য যে,অসম ৰাইফলছে মণিপুৰৰ কামজং জিলাৰ নামলী আৰু ৱাংগলী গাঁৱত অভিযান চলাই ৬,৭৮৫ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে । জব্দ কৰা চুপাৰীৰ মূল্য প্ৰায় ৪৬.৯০ কোটি টকা বুলি জানিবলৈ দিয়ে অসম ৰাইফলছে। অৱশ্যে চুপাৰী সৰবৰাহৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম ৰাইফলছে ।

লগতে পঢ়ক : 6 Dead After Fire Breaks Out Glove Factory Maharashtra : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা; মৃত্যু ৬জন, আহত ৪জন