Burmese supari seized in lumding : যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ ২৪ টনৰো অধিক বাৰ্মিজ চুপাৰী
নিউজ ডেস্ক,২৮এপ্ৰিল : ৰাজ্যত অব্যাহত আছে অবৈধ সামগ্ৰীৰ সৰবৰাহ । নিতৌ ৰাজ্যত সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰীৰ । আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা ।
শনিবাৰৰ সন্ধিয়া অসম আৰক্ষীয়ে বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী(Burmese supari seized in lumding) ৷
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া অসম আৰক্ষীয়ে আৰক্ষীয়ে লামডিং ৰে’লৱে ষ্টেচনত অভিযান চলায় । অভিযানত জব্দ কৰে প্ৰায় ২৪ টনৰো অধিক বাৰ্মিজ চুপাৰি । শনিবাৰৰ সন্ধিয়া ১৫৯০৯ উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে’লখনৰ পাৰ্চেল ডবাৰ পৰা প্ৰায় ৩০০ বস্তাৰো অধিক আনুমানিক ২৪ টনৰো অধিক বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।২১৫২৫৫/C পাৰ্চেল ডবাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় উক্ত নিষিদ্ধ বাৰ্মিজ চুপাৰিখিনি(Burmese supari seized in lumding) ।
জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ আনুমানিক মূল্য প্ৰায় কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে । আৰক্ষীয়ে অবৈধভাবে কঢ়িওৱা বাৰ্মিজ চুপাৰিখিনি ৰে’লখনৰ পৰা উদ্ধাৰ কৰিবলৈ ১ ঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল ৷
লামডিং ষ্টেচনত ৰে’লখন আৰক্ষীয়ে এঘণ্টাৰো অধিক সময় ধৰি ৰাখি থোৱাৰ বাবে ৰে’লখনত থকা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : New Born Baby Rescued in Titabor : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড ! চাহ বাগিচাত উদ্ধাৰ নৱজাতক