Local, Vocal, Global

Burmese supari seized : ধনশিৰি মহকুমাৰ বৰপথাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি বাৰচকীয়া ট্ৰাক

নিউজ ডেস্ক,৩আগষ্ট : ৰাজ্যত অবৈধ সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীৰ চকুক ধুলি দি নিতৌ ৰাজ্যৰ সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰী । আৰক্ষীয়ে যিমানে সষ্টম হৈছে সিমানে অপৰাধীয়ে আৰক্ষীৰ চকুত ধূলি দি ন ন কৌশলৰে সৰবৰাবহ কৰি আছে সামগ্ৰী(Burmese supari seized) ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধনশিৰি মহকুমাৰ বৰপথাৰত শুকুৰবাৰে পুৱা আৰক্ষীয়ে এখন বাৰ্মিজ চুপাৰি ভৰ্তি বাৰচকীয়া ট্ৰাক জব্দ কৰে।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই উক্ত ট্ৰাকখন বৰপথাৰ নগৰৰ ঘনশ্যাম বৰুৱা পথত জব্দ কৰে। জব্দকৃত সামগ্ৰীখিনি নাগালেণ্ডৰ পৰা দয়ালপুৰ, চাংখাটি, গেলাবিল হৈ সৰবৰাহ কৰিবলৈ লওঁতেই বৰপথাৰত আৰক্ষীৰ জালত পৰে চুপাৰি ভৰ্তি পি বি ১২ ওৱাই ৭৩৬৭নম্বৰৰ ট্ৰাকখন৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালক চৰণ সিঙক আটক কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে ধনশিৰিৰ বিভিন্ন স্থানত কিছু দিনৰ অন্তৰালত এনে সামগ্ৰী জব্দ কৰা সন্দৰ্ভত মহকুমাটোক এক অসাধু চক্ৰই কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়ক : Youth died of electric shock : পুনৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু শ্ৰমিকৰ