Local, Vocal, Global

Burmese supari seized : লামডিঙত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি

লামডিং,২৭জুলাই : লামডিঙত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি ।

শুকুৰবাৰে নিশা লামডিং ৰেল আৰক্ষীৰ অভিযান জব্দ কৰে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰিখিন। নাম নিমুৱা লিডু গুৱাহাটী ইন্টাৰচিটি ট্ৰেইনত অভিযান চলাই প্ৰায় ৫ কুইন্টেল বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। চুপাৰিখিনি ডিমাপুৰৰ পৰা লংকালৈ যোৱাৰ সময়তে ৰেল আৰক্ষী অভিযানত জব্দ কৰে।

জব্দকৃত চুপাৰিখিনি ট্ৰেইনখনৰ সাধাৰণ ডবাৰ শৌচালয় আৰু ছিটৰ তলত কাপুৰৰ বেগত ভৰাই লুকাই আনিছিল। জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য কেবা লাখ টকা হব(Burmese supari seized)।

জানিব পৰা মতে, জব্দকৃত বাৰ্মিজ চুপাৰিখিনি লংকাৰ মিঠুয়ে সৰবৰাহ কৰিছিল। লংকাৰ মিঠু নামৰ চুপাৰি মাফিয়াই বহু দিন ধৰি চলাই আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা।

কিন্তু কোন এই মিঠু ? কোন একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি মিঠুৱে চলাই আছে বাৰ্মিজ চুপাৰিৰ কলা বেহা।

লগতে পঢ়ক : Elephant menace in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ মুক্ত বিচৰণ